ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা,দূধৰ্ষ আলফা নেতাৰ আত্মসমৰ্পণ

0 160

আলফা স্বাধীনৰ শিবিৰত ইজনৰ পিছত সিজন আলফা নেতাক সমগঠনটোৱে নিজৰ আদালতত বিচাৰ কৰি মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি প্ৰদাণ কৰাৰ ঘটনাই ৰাজ্যজুৰি তুমূল চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই আজি আলফাৰ জন্মস্থান শিৱসাগৰত অত্যাধূনিক চাইনীজ গ্ৰেণেড সহ আত্মসমৰ্পন আলফা স্বাধীনৰ এজন সদস্যৰ।

ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰৰ দুধৰ্ষ নেতা নয়ন অসমৰ নিৰ্দেশত অসমত বিস্ফোৰণৰ উদেশ্যে প্ৰেৰণ কৰা এগৰাকী দুধৰ্ষ কেডাৰে অৱশেষত শিৱসাগৰ আৰক্ষীৰ বিশেষ তৎপৰতাত কূৰ্টাঘাতৰ পৰিৱৰ্তে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হল ৷প্ৰায় তিনিটা দিন ধৰি জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ বিশেষ তৎপৰতাত শিৱসাগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা দুধৰ্ষ কেডাৰজনক ৰিয়াজ অসম ওৰফে আছিক আলী বুলি জানিব পৰা গৈছে ৷ইতিমধ্যে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কেইমুহূত্বমানৰ পুৰ্বে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বৃৰ্বিত্তিত এই কথা জানিবলৈ দিছে।উল্লেখ্য যে, যোৱা ২০২২ৰ ১০ এপ্ৰিলত ম্যানমাৰত আলফা স্বাধীনত যোগদান কৰিছিল আন তিনিজন সতীৰ্থ সহ নাজিৰাৰ গড় আলিৰ নিবাসী ৰিয়াজ অসম ওৰফে আছিক আলি নামৰ যুৱকজনে ৷ অসম নগালেণ্ড সীমান্তত সুদীৰ্ঘ সময় বিভিন্ন ধৰণৰ কূৰ্টাঘাটৰ লগতে সামাজিক মাধ্যমৰ সহায়ত নতুন সদস্য ভৰ্তিৰে অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা সমীন্তৱৰ্তী গেলেকীৰ নিবাসী দূধৰ্ষ আলফা নেতা অভিজিত গগৈ ওৰফে

আইচেং অসমৰ লগত যোগাযোগ কৰি যোগদান কৰিছিল বুলি চৰকাৰী প্ৰেছ বৃৰ্বিতিটোত উল্লেখ কৰিছে ৷আনহাতে ম্যানমাৰত দুমহীয়া অস্ত্ৰচালনাৰ প্ৰশিক্ষণ লাভ কৰা ৰিয়াজ অসম ওৰফে আছিক আলিয়ে আলফা গমণৰ পিছত কোনো কূৰ্টাঘাট জনিত কামত জড়িত আছিল নে নাই সেই সন্দৰ্ভদ কোনো কথা বৃৰ্বিটিটোত উল্লেখ কৰা নাই যদিও আৰক্ষীৰ এক শীৰ্ষ সুত্ৰই জানিবলৈ দিয়া মতে ম্যানমাৰৰ শিবিৰত থকা দুধৰ্ষ নেতা নয়ন অসমে চাইনীজ গ্ৰেণেড, নগদ ধন সহ অসমত বিস্ফোৰণৰ দৰে ঘটনা ৰূপায়ন কৰিবৰ বাবে ৰিয়াজ অসমক যোৱা ৩০ অক্টোবৰৰ দিনা প্ৰেৰণ কৰিছিল ৷

কিন্তু পুৰ্বৰে পৰা সীমান্তৱৰ্তী অঞ্চলটোত সক্ৰিয় কৰি ৰখা চোৰাংচোৱাৰ যোগে এই কথা জানিব পাৰি অৱশেষত শিৱসাগৰ আৰক্ষীৰ বুজনিত মূলসূতিলৈ প্ৰত্যাগমণ কৰে কেডাৰজনে ৷একে সময়তে শিৱসাগৰ আৰক্ষীৰ শীৰ্ষ মহলে আত্মসমৰ্পণৰ পিছতেই চলোৱা দীঘলীয়া জেৰাত ৰিয়াজ অসমে শেহতীয়াকৈ ম্যানমাৰৰ শিবিৰত বহু কেইজন কেডাৰক মৃত্যু দণ্ড দিয়াৰ বাবেই প্ৰাণৰ মমতাত আত্মসমৰ্পণ কৰাৰ কথা স্বীকাৰোক্তিত প্ৰদাণ কৰিছে৷

আত্মসমৰ্পনৰ সময়ত দুৰ্ধৰ্ষ কেডাৰজনে এটা মবাইল ফোন, চিম কাৰ্ড, নগদ ধন আৰু চীনত নিৰ্মিত এটা অত্যাধূনিক চাইনীজ গ্ৰেণেড আৰক্ষীৰ হাতত জমা দিছে ৷সম্প্ৰতি সংবাদ মাধ্যমক কেডাৰ জনৰ কোনো ভাষ্য গ্ৰহণ তথা ভিজুৱেল গ্ৰহণ কৰিবলৈ দিয়া নাই ৷ইয়াৰ বিপৰীতে আৰক্ষী প্ৰশাসনৰ দ্বাৰা প্ৰেৰিত প্ৰেছ বৃৰ্বিটিটোৰ লগত সংলগ্ন কৰি কেডাৰজনৰ এখন ফটো আৰু চাইনীজ গ্ৰেণেডটেৰ এখন ফটো সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি আত্মসমৰ্পণৰ কথা স্পষ্ট কৰাৰ লগতে নাজিৰা থানাত পুৰ্বতে ৰুজু হোৱা এক গোচৰৰ ভিত্তিত কেডাৰজনক আনুস্থানিক গ্ৰেপ্তাৰ কৰি নাজিৰা আৰক্ষীক চমজাই দিছে ৷

Leave A Reply

Your email address will not be published.