Benefits of Raisins : তিয়াই থোৱা কিচমিচ খাই নে আপুনি ? তিয়াই থোৱা কিচমিচ খালে কি কি লাভ হ’ব পাৰে জানো আহক

0 158

কিচমিচ এবিধ অতি সাধাৰণ শুকান ফল, যিটো আমি প্ৰায়ে পায়স বা হালোৱাৰ দৰে ব্যঞ্জনত মিহলাই খাওঁ ৷ কিচমিচ হৈছে আঙুৰ শুকুৱাই তৈয়াৰ কৰা শুকান ফল, য’ত বহুতো পুষ্টিকৰ উপাদান থাকে আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷ কিচমিচ হৈছে এক ফল । যি শৰীৰৰ বহুতো ৰোগ দূৰ কৰে। কিচমিচত বহুতো পুষ্টিকৰ উপাদান লুকাই থাকে।

কিচমিছৰ কেইবাটাও লাভজনক দিশ আছে(Health Benefits of Raisins)। কিচমিচত প্ৰচুৰ পৰিমাণে আইৰণ,পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম থাকে। কিচমিচ আঁহৰ উত্তম উৎস(Benefits of Raisins)।দৈনিক সীমিত পৰিমাণৰ কিচমিচ খালে বহু বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।কিচমিচ দেহৰ বাবে যথেষ্ট উপকাৰী।

আজি আমি আপোনালোকক কিচমিচ কেনেকৈ খাব লাগে আৰু ইয়াৰ কি উপকাৰিতা আছে তাৰে বিষয়ে কম। কিন্তু আপুনি জানেনে ইয়াক ৰাতি পানীত তিয়াই থৈ খালে বহুত উপকাৰী ৷

তিয়াই থোৱা কিচমিচ খালে কি কি লাভ হ’ব পাৰে –

কিচমিচ ৰাতি পানীত তিয়াই থৈ খালে হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷ কিচমিচ ৰাতি পানীত তিয়াই থৈ খালে শৰীৰৰ বেয়া কলেষ্টেৰল কমি যায় আৰু ভাল কলেষ্টেৰল বৃদ্ধি পায় ৷ ইয়াৰ ফলত আপোনাৰ ধমনীবোৰ বন্ধ হোৱাৰ সম্ভাৱনা কম হ’ব পাৰে ৷ ইয়াৰ উপৰিও এইবোৰ খালে ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও হ্ৰাস পায়, যিয়ে আপোনাক ষ্ট্ৰোক আৰু হৃদৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে ৷

কিচমিচত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে ৷ কিচমিচ পানীত তিয়াই খালে ইয়াত থকা এন্টি-অক্সিডেন্টবোৰ সোনকালে নিৰ্গত হয় ৷ এন্টি অক্সিডেণ্টে আপোনাক কেন্সাৰৰ দৰে বিপদজনক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷

কিচমিচে ওজন কমোৱাত সহায় কৰে ৷ কিচমিচ খালে যথেষ্ট শক্তি পোৱা যায় ৷ প্ৰয়োজনতকৈ অধিক খাদ্য গ্ৰহণ নকৰাৰ ফলত আপোনাৰ ওজন বৃদ্ধি নহয় আৰু লগতে ওজন কমোৱাতো সহায় কৰে ৷

কিচমিচত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত ৰক্তবাহী নলীবোৰ জঠৰ হোৱাত বাধা দিয়ে, যাৰ বাবে ৰক্তচাপ বৃদ্ধি নহয় আৰু উচ্চ ৰক্তচাপৰ সম্ভাৱনা কমি যায় ৷ ইয়াৰ উপৰিও ইয়াত পটাছিয়ামো পোৱা যায়, ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপো প্ৰতিৰোধ হয় ৷ গতিকে ৰাতি পানীত তিয়াই থোৱা কিচমিচ খালে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হয় ৷

খাদ্য হজম আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবৰ বাবে আঁহ অতি উপকাৰী কিচমিচ ৷ কিচমিচত আঁহৰ পৰিমাণ বেছি থাকে, যিয়ে হজম শক্তিত সহায় কৰে ৷ গতিকে তিয়াই থোৱা কিচমিচ খালে আপোনাৰ আন্ত্ৰিক স্বাস্থ্য ভালে থাকে ৷

কিচমিচতো এন্টি অক্সিডেন্ট পোৱা যায়, যাৰ বাবে ই যকৃতৰ বাবে উপকাৰী ৷ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈ যকৃত সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয় ৷ গতিকে প্ৰতিদিনে ইয়াক ৰাতিটো পানীত তিয়াই থোৱা কিচমিচ খালে আপোনাৰ যকৃতৰ বাবে যথেষ্ট উপকাৰী ৷

Leave A Reply

Your email address will not be published.