Sara Tendulkar: ছ’চিয়েল মিডিয়াত কিয় অগ্নিশৰ্মা শচীন টেণ্ডুলকাৰ জীয়ৰী ছাৰা?

0 142

ডিপফেক টেকন’ল’জি ব্যৱহাৰ কৰি ইতিমধ্যে দেশৰ কেইবাগৰাকী চেলিব্ৰিটিৰ ফটো বা ভিডিঅ’ এডিট তথা বিকৃত কৰি কোনো অজ্ঞাত দুৰ্বৃত্তই সামাজিক মাধ্যমত আপলোড কৰিছে। দক্ষিণ ভাৰতৰ অভিনেত্ৰী ৰশ্মিকা মন্দানা, বলীউডৰ কাজল, কেটৰীনাও ডিপফেকৰ বলি হৈছে।

শেহতীয়াকৈ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাও ডিপফেকৰ বলি হৈছে। ভাৰতীয় অ’পেনাৰ বেটছমেন শুভমান গিলৰ সৈতে ছাৰা টেণ্ডুলকাৰৰ বিশেষ সম্পৰ্ক থকাক লৈ ব্যাপক চৰ্চা চলি থকাৰ মাজতে এটা ভুৱা একাউণ্টৰ পৰা ছাৰাৰ এখন বিকৃত ছবি পোষ্ট কৰা হৈছে, য’ত ছাৰাক শুভমানৰ সৈতে ফটো তোলা দেখা গৈছে। এই ঘটনা সন্দৰ্ভত ছাৰাই সামাজিক মাধ্যমত এক পোষ্ট যোগে খং প্ৰকাশ কৰে।

ছাৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখে যে, ‘‘ছ’চিয়েল মিডিয়া হৈছে আমাৰ সকলোৰে বাবে আমাৰ আনন্দ, দুখ আৰু দৈনন্দিন কাম-কাজৰ ভাগ-বতৰা কৰাৰ এক আচৰিত মঞ্চ। কিন্তু প্ৰযুক্তিৰ অপব্যৱহাৰ ভয়ংকৰ, পৰিস্থিতি আতংকজনক। এইবোৰে সত্যৰ পৰা বিচলিত কৰে।

দৰাচলতে ছাৰাৰ ডিপফেক ছবিখনত শুভমানৰ ডিঙিত ধৰি ছাৰাই ফটোৰ বাবে প’জ দিয়া দেখা গৈছে। কিন্তু এনেদৰে ব্যৱহাৰ কৰা ফটোখনত প্ৰকৃততে ছাৰা আৰু অৰ্জুন (তেওঁৰ ভাতৃ) আছিল, য’ত অৰ্জুনৰ ঠাইত শুভমানৰ মুখখন লগাই এডিট কৰা হৈছিল।

Leave A Reply

Your email address will not be published.