দুবছৰীয়া পুত্ৰ সন্তানৰ মূল্য ৬০ হাজাৰ, এমহীয়া কন্যা সন্তানৰ মূল্য ১৪ হাজাৰ! মাদক দ্ৰব্য ক্ৰয় কৰিবলৈ বিক্ৰী কৰিলে পেটৰ সন্তানক

0 385

পেটৰ তাড়নাত মানুহে নকৰে কি! পেটৰ ভোকত পেটৰ সন্তানক বিক্ৰী কৰিবলৈও যেন কুণ্ঠাবোধ নকৰে মানুহে। অৱশ্যে এনে ঘটনা নতুন নহয়, পূৰ্বেও বহু ঘটিছে। কিন্তু এইবাৰৰ ঘটনাটো কিছু সুকীয়া ।পেটৰ ভোকত নহয় নিচা এৰিব নোৱাৰি মাদকদ্ৰব্য ক্ৰয় কৰিবলৈহে নিজ সন্তানক বিক্ৰী কৰিলে পিতৃ-মাতৃয়ে। আৰক্ষীয়ে জনোৱা মতে, মাদক দ্ৰব্য ক্ৰয় কৰাৰ বাবে ধনৰ লোভত নিজৰ দুই সন্তানক বিক্ৰী কৰি দিছিল এই দম্পতীয়ে।

জানিব পৰা মতে, ৭৪ হাজাৰ টকাৰ বিনিময়ত দুই সন্তানক বিক্ৰী কৰিছিল এই দম্পতীহালে আৰু সেই টকাৰে ক্ৰয় কৰিছিল মাদক দ্ৰব্য। এই ঘটনাৰ অভিযোগত ছাব্বিৰ খান আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে তেওঁলোকৰ সৈতে সহযোগী দুই মহিলা এজেন্টকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অভিযুক্ত লোকজনৰ ভগ্নীয়ে গোটেই ঘটনাটো জানিব পাৰি দাদাক-বৌয়েকৰ ওপৰত ক্ষোভত ফাটি পৰে আৰু লগে লগে আৰক্ষীক অভিযোগ কৰে। এই জঘন্য ঘটনাটো সংঘটিত হৈছে মুম্বাইত। স্থানীয় আৰক্ষীয়ে জনোৱা মতে, ৬০ হাজাৰ টকাৰ বিনিময়ত নিজৰ ২ বছৰৰ পুত্ৰ সন্তানক বিক্ৰী কৰিছিল দম্পতীহালে।

তদুপৰি নিকৃষ্টভাৱে, ১৪ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে নিজৰ এমহীয়া সন্তানক। জানিব পৰা মতে, দম্পতীহাল নিচাসক্ত আছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অব্যাহত ৰাখিছে তদন্ত।

Leave A Reply

Your email address will not be published.