জন্মদিন বুলি ডুবাইলৈ নিনিলে,একে ঘোচাই স্বামীক হত্যা কৰিলে পত্নীয়ে

0 3,841

 এক চাঞ্চল্যকৰ ঘটনা ।  জন্মদিন উদযাপনৰ বাবে ডুবাইলৈ যাব বিচাৰিছিল পত্নী ,কিন্তু ডুবাই যাবলৈ অস্বীকাৰ কৰিছিল স্বামীয়ে ।

সেইয়াই যেন কাল হ’ল। প্ৰেম বিবাহেই আছিল নিখিল-ৰেণুকাৰ। কেইবাবছৰীয়া প্ৰেমৰ অন্তত ৬ বছৰ পূৰ্বে পুণেৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নিখিল খান্নাৰ সৈতে ৰেণুকা বিয়াত বহিছিল। অৱশ্যে নিখিলতকৈ ৰেণুকা আছিল বয়সত দুবছৰ ডাঙৰ। বিয়াৰ সময়ত নিখিল খান্নাৰ বয়স আছিল ৩০ বছৰ আৰু ৰেণুকাৰ বয়স আছিল ৩২ বছৰ। সকলো ঠিকেই আছিল।

ভালকৈয়ে চলিছিল নিখিল-ৰেণুকাৰ বৈবাহিক জীৱন। পিছে সময় সদায় একেদৰে নাযায়। পুণেৰ কনষ্ট্ৰাকচন ব্যৱসায়ী নিখিল খান্না ক্ৰমে ব্যৱসায়িক কাম কাজত বেছিকৈ ব্যস্ত হৈ পৰিল। বিপৰীতে  ৰেণুকাৰ নিখিলৰ প্ৰতি ঠেহ-পেচ, আব্দাৰ ক্ৰমে বেছি হ’বলৈ ধৰিলে। বাঢ়ি গ’ল খং-ক্ষোভ। সময় নিদিয়াৰ ক্ষোভ! দাবী-আব্দাৰ পুৰণ নকৰাৰ ক্ষোভ! বিবাহ বাৰ্ষিকীত দামী উপহাৰ নিদিয়াৰ চূড়ান্ত ক্ষোভ!

২৪ নৱেম্বৰত ৰেণুকাৰ জন্মদিন আছিল। ৰেণুকাৰ আশা আছিল এইবাৰ নিখিলে জন্মদিনত ডুবাইলৈ নিব। ব্যৱসায়িক কামৰ পৰা মূৰ তুলিব নোৱাৰা হোৱা নিখিলে ৰেণুকাক আকৌ না কৰিলে। ৰেনুকাই নিজৰ জন্মদিনত ডুবাই যাব বিছৰা কথাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়।

কজিয়া ইমানেই ভয়ংকৰ আছিল যে ৰেণুকাই সৰ্বশক্তিৰে নিখিলৰ নাকত এটা প্ৰচণ্ড ঘোচা শোধালে। একেটা ঘোচাতে নিখিলৰ নাক ভগাৰ লগতে ভাগি পৰিল দুই তিনিটা দাঁত। স্বাভাৱিকতে নাকত প্ৰচণ্ড ঘোচা খাই নিখিলে সংজ্ঞা হেৰুৱালে। ইপিলে নাক ভাগি তেজ নোৰোৱাই হ’ল।

অধিক ৰক্তক্ষৰণ হৈ মৃত্যুক আকোৱালি লৈ নিখিলে। পুনেৰ ৱানাভদী অঞ্চলত দম্পতীটোৰ এপাৰ্টমেণ্টত শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা। 
 

জন্মদিত ডুবাইলৈ নিনিয়াৰ বাবে হোৱা পতি পত্নীৰ কাজিয়াৰ পৰিণতিত হোৱা হত্যাকাণ্ডৰ খবৰ পুণেৰ ৱানাভড়ি আৰক্ষী থানা পালেগৈ।
আৰক্ষীয়ে IPC Section 302ৰ অধীনত গ্ৰেপ্তাৰ কৰিলে স্বামীহন্তা ৰেণুকা খান্নাক।

Leave A Reply

Your email address will not be published.