কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

0 373

মেষ ৰাশি: আজিৰ দিনটোত আপুনি অত্যধিক সংবেদনশীল আৰু অত্যধিক আবেগিক হৈ থাকিব পাৰে ।আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব । পঢ়ুৱৈ আৰু পণ্ডিতসকলৰ বাবে দিনটো ভালে নাযাব । আজি সম্পত্তি সম্বন্ধীয় কোনো পৰিকল্পনা হাতত নল’ব আৰু এই সম্বন্ধে কোনো সিদ্ধান্তও নল’ব । হতাশা আৰু বিষণ্ণতাক এৰাই চলিব নোৱাৰিব(Daily Horoscope) ।

বৃষ ৰাশি: আজি আপুনি সমস্যাত পৰিব পাৰে। আজি আপুনি শক্তি আৰু উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব । অৱশ্যে আপুনি আজি অত্যধিক সংবেদনশীল আৰু অধিক আবেগিক হৈ থাকিব । কোনো লোক দুখত থাকিলে তেওঁক সান্ত্বনা দিব আপুনি, ইয়াৰ প্ৰবল সম্ভাৱনা আছে । আজি আপুনি জুতি লগা আৰু ৰুচিকৰ খাদ্য ভোজন কৰিব । ভ্ৰমণৰ যোগ আছে । পৰিয়ালক কিছু সময় দিয়ক, তেওঁলোকৰ প্ৰতি মনোযোগী হওঁক । আৰ্থিক বিষয়তো মনোযোগ দিয়ক ।

মিথুন ৰাশি: আজিৰ দিনটো ভাল আৰু বেয়া দুয়ো হ’ব, সুখ আৰু দুখ দুয়োটাই থাকিব ।আজিৰ দিনটো পৰিকল্পনা অনুসৰি পাৰ হৈ যাব । আৰ্থিক পৰিকল্পনা আৰু কাৰ্যসূচী ৰৈ যাব পাৰে ।ব্যৱসায়ী আৰু চাকৰিয়ালসকলে কাম কৰি ভাল পাব । অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা সঁহাৰি পাব ।

কৰ্কট ৰাশি: আজি আপুনি দিনটো হাঁহি-ফূৰ্তিৰে কটাব, আনন্দ আৰু সুযোগ-সুবিধা পাব । পৰিয়াল, বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে আনন্দদায়ক মেল হ’ব । উপহাৰ পোৱাৰ যোগ আছে । আজি আপুনি কিছু সু-সংবাদ, বিশেষকৈ পত্নীৰ পৰা সু-সংবাদ পাব পাৰে । দাম্পত্য সুখ থাকিব ।

সিংহ ৰাশি: আজি আপুনি স্বাস্থ্যৰ কাৰণে আপুনি চিন্তাত থাকিব । মানসিক চাপ আৰু উদ্বেগে আপোনাক অসুস্থ কৰিব । বৈদেশিক যোগাযোগৰ সম্ভাৱনা আছে । দিনটো উচ্ছৃংখলভাৱে নকটাব । অধিক ব্যয়ক এৰাই চলিব নোৱাৰিব । মনত কোনো বেয়া ভাৱ নাৰাখিব আৰু ভুল বুজাবুজিৰ চিকাৰ নহ’ব ।

কন্যা ৰাশি: আজি আপুনি লাভবান হ’ব । সকলো দিশতে আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ।ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা আছে । সন্তানৰ ফালৰ পৰা মন ভাল কৰি দিব পৰা খবৰ পাব । দাম্পত্য সুখ লাভ কৰিব । অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে ।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । ঘৰত আৰু কৰ্মক্ষেত্ৰতো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত অনুভৱ কৰিব । পদোন্নতিৰ প্ৰবল সম্ভাৱনা আছে । আনন্দময় হৈ থাকিব । নতুন কাম হাতত ল’লে সফল হ’বই হ’ব । মাতৃৰ পৰা উপহাৰ পাব পাৰে বা তেওঁৰ দ্বাৰা লাভবান হ’ব পাৰে ।

বৃশ্চিক ৰাশি: আজি গোটেই দিনটো আপুনি এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব । ব্যৱসায় বা কৰ্মক্ষেত্ৰত ব্যৰ্থতাৰ ফলত উদ্বিগ্ন আৰু দুশ্চিন্তাগ্ৰস্ত হৈ পৰিব । সন্তানৰ স্বাস্থ্যক লৈয়ো চিন্তা হ’ব। কৰ্মক্ষেত্ৰত কিছু বিষয় জটিল হৈ যাব পাৰে ।

ধনু ৰাশি: আজি কাম কৰিবলৈ সাজু থাকক আপুনি । আজি দিনটো যিবোৰ সমস্যাৰ উদ্ভৱ হ’ব, সেইবোৰৰ সমাধানৰ চেষ্টা নকৰিব । অত্যধিক সংবেদনশীলতাৰ ফলত মানসিক হতাশাৰ সৃষ্টি হ’ব পাৰে । পত্নীৰ সৈতে কৌশল অৱলম্বন কৰি চলক । স্বাস্থ্যৰ যত্ন লওঁক ।

মকৰ ৰাশি: ব্যৱসায়ত উন্নতি হ’ব । আপোনাৰ সৌভাগ্য লাভ হ’ব পাৰে । নতুন কাম হাতত ল’লে সফলতা আহিব । আজি আপোনাৰ মন বিভ্ৰান্ত আৰু অস্থিৰ হৈ থাকিব । স্বাস্থ্য সম্পূৰ্ণ ভালে থাকিব । বাহন ক্ৰয় কৰিব পাৰে । সন্মান আৰু জনপ্ৰিয়তাও বৃদ্ধি পাব ।

কুম্ভ ৰাশি: আজি আপোনাৰ সকলো প্ৰয়াস সফল হ’ব । আপুনি নিজৰ শৈলী আৰু কৰ্মক্ষমতাৰ বাবে সকলোৰে চকুত পৰিব আৰু প্ৰশংসা পাব । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব । আজি গোটেই দিনটো আপুনি উদ্যমী হৈ থাকিব । আপোনাৰ মন অৱশ্যে চিন্তাশীল হৈ উঠিব পাৰে । আজি আপোনাৰ দিনটো অধিক আনন্দদায়ক হৈ উঠিব । কামৰ কাৰণে ব্যয় হোৱাৰ প্ৰবল সম্ভাৱনা আছে ।

মীন ৰাশি: আপুনি আজি নিজৰ চিন্তাত নিমগ্ন থাকি আনন্দ পাব । আজি আপুনি সঠিকভাৱে মনৰ ভাৱক সাহিত্যৰ ৰূপ দিব পাৰিব, নিজৰ মনৰ কথাও প্ৰকাশ কৰিব পাৰিব প্ৰেমীসকলে পৰস্পৰৰ ঘনিষ্ঠ হ’ব । ধীৰ-স্থিৰ আৰু আত্মবিশ্বাসী হৈ থাকক । নিজৰ ভাৰসাম্য বৰ্তাই ৰাখক ।

Leave A Reply

Your email address will not be published.