মধ্য প্ৰদেশত game changer ‘লাডলী বেহেন’! বিজেপিৰ ছুনামি ভেটিবলৈ সক্ষম নহ’ল কংগ্ৰেছ চৰকাৰ

0 1,291

মাত্ৰ এখন চৰকাৰী আঁচনি। এখন চৰকাৰী আঁচনিয়ে ধূলিসাৎ কৰিলে কংগ্ৰেছৰ মধ্যপ্ৰদেশ দখলৰ সপোন।আওল লাগিল কমলনাথৰ সকলো ৰাজনৈতিক সমীকৰণত।

নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ দিন ধৰি ‘লাডলী বেহেন আঁচনি’ৰ জৰিয়তে মহিলাসকল মাহিলী ১ হাজাৰ টকাৰ সলনি তিনি হাজাৰ টকা ,কন্যা সন্তানক দুই লাখ টকা আৰ্থিক সাহায্য, উজ্জ্বলা আৰু লাডলী বেহেন আঁচনিৰ অধীনৰ পৰিয়ালসমূহক ৪৫০ টকাত গেছ চিলিণ্ডাৰ। এখনৰ পিছত আনখন মহিলামুখী আঁচনি এটাৰ পিছত আনটো প্ৰতিশ্ৰুতি দিছিল শিৱৰাজ সিং চৌহানে।

ৰাজনৈতিক মহলে কৈছে, ২০২৩ৰ বিধানসভা নিৰ্বাচনত মধ্য প্ৰদেশত বিজেপিৰ এই বিপুল ভোট পোৱাৰ আঁৰৰ অন্যতম কাৰণ হৈছে শিৱৰাজ সিং চৌহানৰ এই মহিলামুখী আঁচনি আৰু প্ৰতিশ্ৰুতি।

প্ৰাথমিক প্ৰতিক্ৰিয়াত শিৱৰাজ সিং চৌহানে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰণনীতি আৰু জনমুখী আঁচনিৰ বাবে তেওঁলোকৰ এই জয়। আৰু হয়, ভনীসকলে সহায় কৰিছে…।’’ অৰ্থাৎ মহিলাসকলৰ পৰা পোৱা বিপুল ভোট যে এই জয়ৰ অন্যতম কাৰণ, সেয়া এক কথাতে স্বীকাৰ কৰে তেওঁ।

এক সমীক্ষাত ইংগিত দিছিল, মধ্য প্ৰদেশত বিজেপিৰ মুঠ ভোটৰ ৪৪ শতাংশই আহিব পাৰে মহিলা ভোটাৰৰ পৰা। এইবাৰ কাৰ্যক্ষেত্ৰত কি হৈছে, সেয়া অৱশ্যে সম্পূৰ্ণ ফলাফল প্ৰকাশৰ পিছতহে বিশ্লেষণ কৰিব পৰা যাব। কিন্তু এই জনমুখী আঁচনিয়ে যে মহিলা ভোটাৰসকলৰ মাজত ব্যাপক প্ৰভাৱ পেলাইছে, সেই কথা কথা ক’লেও হয়তো ভুল কোৱা নহ’ব।

Leave A Reply

Your email address will not be published.