কিষাণ নে জিতেশ, কুলদীপ নে বিষ্ণোই, কেনেধৰণৰ হ’ব দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ playing11
বিশ্বকাপ ২০২৩ ৰ ফাইনেলত পৰাজিত হোৱাৰ পিছতে হতাশাগ্ৰস্ত হোৱা ভাৰতবসীয়ে পুনৰ সপোন দেখিছে। কিছুদিন আগতে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে t-২০ শৃংখলা জয় কৰাৰ পিছত এতিয়া দক্ষিণ আফ্ৰিকাক প্ৰত্যাহ্বান দিবলৈ সাজু ভাৰত।
আজিৰ পৰা আৰাম্ভ হব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত t-২০ ছিৰিজ। আজি দক্ষিণ আফ্ৰিকাৰ ডাৰ্বানত খেলা হ’ব প্ৰথমখন টি-২০ মেচ। খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৭.৩০ বজাত আৰাম্ভ হ’ব।
আজিৰ খেলখনত Weather Report কিছু এনেধৰণৰ: আজি ডাৰ্বানৰ কিছুমান অঞ্চলত বজ্ৰপাত সম্ভৱ। আকাশখন প্ৰায় চাৰীয়ফালে ডাৱৰীয়া হৈ থাকিব। দক্ষিণ আফ্ৰিকাৰ সময় অনুসৰি, খেলখন আবেলি 4:00 বজাত আৰম্ভ হ’ব। সন্ধিয়া বৰষুণহোৱাৰ ৭০ শতাংশ সম্ভাৱনা আছে। খেলখনৰ সময়ত, তাপমাত্ৰা 20 ডিগ্ৰী চেলচিয়াছ হ’ব আৰু আৰ্দ্ৰতা প্ৰায় 80 শতাংশ হ’ব।
পিচ রিপোর্ট: ডাৰ্বানৰ কিংছমিড ষ্টেডিয়ামৰ পিচখনে আৰম্ভণিৰ পৰাই বলিংক কিছু আত্মবিশ্বাস প্ৰদান কৰে। এই পিচখন উচ্চ গতি আৰু বাউন্সৰ বাবে জনাজাত, অৱশ্যে, এইখন এখন white ball ক্ৰিকেট মেচ সেয়েহে এই পিচ খনে অতি সোনকালে মসৃণ কৰাৰ প্ৰৱণতা আছে। যেতিয়া এই পিটছখন যথেষ্ট মসৃণ হয়, তেতিয়া বেটছমেনসকলেও সেই পিচত আধিপত্য বিস্তাৰ কৰিব পাৰে । কেতিয়াবা পিচখনত high scoring মেচ হয়। এই পিচত প্ৰথমে বেটিং কৰা দলটোৱে যথেষ্ট সুবিধা লাভ কৰিব।
ভাৰতৰ সম্ভাব্য playing 11: সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), যশস্বি জয়ছোৱাল, শুভমান গিল, শ্ৰেয়াছ আয়াৰ, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকিপাৰ), ৰবীন্দ্ৰ জাদেজা, দীপক চাহাৰ, ৰবি বিষ্ণোই, মহম্মদ চিৰাজ, অৰ্শদীপ সিং।
ভাৰত বনাম দক্ষিণ আফ্ৰিকা প্ৰথম টি-২০কে ধৰি দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সকলো বোৰ মেচ ষ্টাৰ স্পৰ্টছ নেটৱৰ্কৰ বিভিন্ন চেনেলৰ জৰিয়তে টিভিত সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰিও, ম’বাইলত ডিজনী + হটষ্টাৰ এপ্পত খেল খন চাব পাৰিব।