এম এছ ধোনীলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ বিশেষ সন্মান: জাৰ্চী নং ৭ বিলুপ্তি কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

0 17,586

ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীলৈ এক বিশেষ সন্মান জ্ঞাপন কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই)। এন এছ ধনীৰ সন্মানাৰ্থে বিচিচিআই ৭ নং জাৰ্চীক বিলুপ্তি কৰাৰ সিদ্ধান্ত লৈছে।

Finally, Dhoni reveals the real reason why he wears jersey number 7

আইচিচি ইভেণ্টৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ সফল অধিনায়ক হৈ আছে এম এছ ধোনী। বিচিচিআইএ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ অৱসৰৰ পিছতেই তেঁওৰ ১০ নম্বৰৰ চাৰ্টটো retired কৰি দিছিল।

বিচিচিআইয়ে ইয়াৰ দ্বাৰা এইটো বুজাইছে যে ভাৰতীয় দলৰ খেলুৱৈসকলে ৭ নম্বৰ জাৰ্চী পৰিধান কৰি খেল প্ৰদৰ্শণ কৰিব নোৱাৰে। ভাৰতীয় দলৰ কোনো খেলুইক ৭ নম্বৰ জাৰ্চী বাছনি কৰিবলৈ অনুমতি দিয়া নহব।

After Sachin Tendulkars Number 10, MS Dhonis Jersey No.7 Is Also Retired:  Report | Cricket News | Zee News

ব’ৰ্ডৰ এজন জ্যেষ্ঠ বিষয়াই ইণ্ডিয়ান এক্সপ্ৰেছক জনায় “যুৱ খেলুৱৈ আৰু বৰ্তমানৰ ভাৰতীয় দলৰ খেলুৱৈসকলক এম এছ ধোনীৰ ৭ নম্বৰৰ জাৰ্চী বাছনি নকৰিবলৈ কোৱা হৈছে। টিম ইণ্ডিয়াত আগবঢ়োৱা অৱদানৰ বাবে ধোনীৰ টি-চাৰ্ট retired কৰি দিয়াৰ সিদ্ধান্ত লৈছে। এজন নতুন খেলুৱৈয়ে 7 নম্বৰ লাভ কৰিব নোৱাৰে, আৰু 10 নম্বৰ ইতিমধ্যে উপলব্ধ নম্বৰৰ তালিকাৰ পৰা আঁতৰি আছিল,”

বিচিচিআইৰ বিষয়াজনে এইটোও নিশ্চিত কৰিছে যে বৰ্তমান ভাৰতীয় দলৰ খেলুৱৈসকলক মুঠ ৬০ টা সংখ্যা আৱণ্টন কৰা হৈছে।

Leave A Reply

Your email address will not be published.