ছবিগৃহত মুক্তি পালে শ্বাহৰুখ খানৰ ‘ডাঙ্কি’.

0 346

শ্বাহৰুখ খানৰ ২০২৩ চনৰ তৃতীয় আৰু অন্তিম চলচ্চিত্ৰ ‘ডাঙ্কি’ কিছু সময়ৰ পৰা শিৰোনামত আছে। আজি অৰ্থাৎ ২১ ডিচেম্বৰত ছবিগৃহত ৰিলীজ পালে শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘ডাঙ্কি’

ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত ‘ডাঙ্কি’ চলচ্চিত্ৰ খনৰ মুখ্য আকৰ্ষণ হৈছে বলিউডৰ কিং শ্বাহৰুখ খান।
তেওঁৰ লগতে ছবিখনত মুখ্য অভিনয়ত আছে তাপসী পান্নু, বিকি কৌশল, বোমান ইৰাণী দিয়া মিৰ্জাৰ দৰে ষ্টাৰ।

ছবিখন ডঙ্কি ফ্লাইটৰ ধাৰণাৰ ওপৰত আধাৰিত, যি কানাডা, ইউকে আৰু আমেৰিকা যুক্তৰাজ্যৰ দৰে বিদেশী ৰাষ্ট্ৰসমূহত প্ৰৱেশ কৰাৰ এক অবৈধ উপায়। শ্বাহৰুখে ডাঙ্কি প্লটৰ বিষয়ে কৈছিল, “ই বাহিৰলৈ যোৱা, নিজৰ বাবে ভৱিষ্যত বিচাৰি উলিওৱা, কিন্তু আপোনাৰ ঘৰক আটাইতকৈ বেছি ভাল পোৱাৰ সৈতে সম্পৰ্কিত। এইটো ঘৰলৈ ঘূৰি অহাৰ কাহিনী।

ডঙ্কি চলচিত্ৰ খন ৮৫ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছে। খবৰ অনুসৰি, ছবিখনৰ প্ৰিণ্ট আৰু প্ৰচাৰৰ ব্যয় হৈছে 35 কোটি টকা, যাৰ ফলত মুঠ বাজেট 120 কোটি টকা হয়।

চলচিত্ৰ খনত অভিনয়ৰ বাবে শ্বাহৰুখ খানে ১০০ কৌটি টকা বিচাৰিছে। তাপসী পান্নু, বিকি কৌশলৰ মূল্য প্ৰায় ৬ কৌটি টকা। ইতিমধ্যে ছবি খনৰ ১১ কৌটি টকাৰ advance booking সম্পন্ন হৈছে। ছবিখনে মুক্তিৰ প্ৰথম দিনাই ৩৫ কৌটি টকাৰ ব্যৱসায় কৰিব বুলি আশাবাদী ছবিনিৰ্মাতা সক

Leave A Reply

Your email address will not be published.