মাজত মাত্ৰ ৭ দিন! ৩১ ডিচেম্বৰৰ মাজনিশাৰে পৰা অচল হৈ পৰিব পাৰে আপোনাৰ UPI ID

0 14,510

৩১ ডিচেম্বৰৰ মাজনিশাৰে পৰা অচল হৈ পৰিব দেশৰ লাখ লাখ লোকৰ UPI ID।ডিজিটেল পৰিশোধ ব্যৱস্থা বৰ্তমান অতি প্ৰচলিত প্ৰক্ৰিয়া হৈছে UPI ।কিন্তু UPI পেমেণ্ট অধিক ব্যৱহাৰ কৰা লোকসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ আহিছে। যিসকল ব্যৱহাৰকাৰীৰ UPI ID নিষ্ক্ৰিয় হৈ আছে, তেওঁলোকে অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰয়োজনীয় কামসমূহ সম্পূৰ্ণ কৰিব লাগিব। অন্যথা তেওঁলোকৰ ID সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ পৰিব।

ये है UPI Plugin पेमेंट सिस्टम- अब मार्केट में Phonepe और Google Pay का खेल  होगा खत्म!

পেমেণ্ট নিয়ন্ত্ৰক NPCIএ শেহতীয়াকৈ এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশনাত কোৱা হৈছে যে নিষ্ক্ৰিয় UPI IDক তৎক্ষণাত প্লেটফৰ্মৰ পৰা আঁতৰাব লাগে।NPCIএ এক নিৰ্দেশ জাৰি কৰি এবছৰ ধৰি UPI IDৰ সৈতে লেনদেন নকৰা ID সমূহ নিষ্ক্ৰিয় কৰিবলৈ কৈছে।

বহু সময়ত দেখা পোৱা যায় যে ব্যৱহাকাৰীয়ে নিজৰ ID মোবাইল নম্বৰৰ সৈতে লিংক নকৰাকৈয়ে নিজৰ নম্বৰ সলনি কৰে।যাৰ ফলত পুৰণি UPI ID সলনি নকৰাকৈ এটা নতুন UPI ID সৃষ্টি কৰাৰ বাবে পুৰণি UPI ID নিষ্ক্ৰিয় হৈ থাকে।

যেতিয়া পুৰণি UPI ID লিংক থকা মোবাইল নম্বৰটো আন কাৰোবাক দিয়া হয়, তেতিয়া সেই নিষ্ক্ৰিয় ID লিংক হোৱাৰ বাবে পৰৱৰ্তী গ্ৰাহকৰ UPI লেনদেনত খেলিমেলি হয়। এই সমস্যা দূৰ কৰিবলৈ NPCIএ এক নতুন নিয়ম জাৰি কৰিছে।

৩১ ডিচেম্বৰৰ পিছত অৰ্থাৎ নৱবৰ্ষৰ পৰা এই IDবোৰ সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ পৰিব। ফলত আইডি নিষ্ক্ৰিয় নহ’বলৈ ব্যৱহাকাৰীয়ে ধন পৰিশোধ কৰিব লাগিব।

ইতিমধ্যে বেংক আৰু তৃতীয় পক্ষৰ এপসমূহে UPI ID নিষ্ক্ৰিয় কৰিবলৈ আৰম্ভ কৰিছে। যদি আপোনাৰ এবছৰ ধৰি ব্যৱহাৰ নকৰা ID আছে, তেন্তে আপুনি সেই IDৰ পৰা এটা UPI পেমেণ্ট কৰিব লাগিব, অন্যথা ID নিষ্ক্ৰিয় কৰা হ’ব।

Leave A Reply

Your email address will not be published.