এক কৰুণ পথ দুৰ্ঘটনা,জীৱন্তে অগ্নিদগ্ধ ১৩ জনকৈ যাত্ৰীৰ মৃত্যু

0 3,712

মধ্যপ্ৰদেশত সংঘটিত হৈছে এক কৰুণ পথ দুৰ্ঘটনা। বুধবাৰে নিশা প্ৰায় ৮ ৩০ বজাত মধ্যপ্ৰদেশৰ গুনাত সংঘটিত হৈছে এই দুৰ্ঘটনা। এখন যাত্ৰাবাহী বাছে এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলতেই সংঘটিত হৈছে এই ঘটনা।

13 passengers charred to death in bus-dumper collision in MP - Rediff.com

এই দুৰ্ঘটনাত ইতিমধ্যে বাছ খনৰ ভিতৰত থকা ১০ জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে ১৭ জনকৈ লোক আহত হৈছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি দুৰ্ঘটনাটোৰ সময়ত বাছখনত ৩০ জন যাত্ৰী আছিল।

জিলা দণ্ডাধীশগৰাকীয়ে জনোৱা অনুসৰি আহত যাত্ৰীসকল এতিয়া বিপদমুক্ত। তেওঁ লগতে জনাইছে যে, অগ্নিদগ্ধ হৈ মৃত্যু হোৱা যাত্ৰীসকলৰ মৃতদেহ ইমানেই জ্বলি গৈছে যে তেওঁলোকক চিনাক্ত কৰিবলৈ ডি এন এ পৰীক্ষা কৰিব লাগিব।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ মৃতকৰ আত্মীয়সকলক ৪ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.