বছৰজোৰা প্ৰস্তুতিৰ অৱসান! উদ্বোধনৰ বাবে সাজু অযোধ্যাৰ ৰাম মন্দিৰ,কোনে কোনে পালে আমন্ত্ৰণ? চাওক এই তালিকা

0 5,214

অৱশেষত অন্ত পৰিল বছৰজোৰা অপেক্ষাৰ।ৰাম মন্দিৰ উদ্বোধনৰ বাবে সাজু অযোধ্যা। ৰামলালাক আদৰিবলৈ সজাই তোলা হৈছে সমগ্ৰ অযোধ্যা । ২২ জানুৱাৰীত অযোধ্যাত নিৰ্মাণ কৰা বিশাল শ্ৰী ৰাম মন্দিৰ উদ্বোধনৰ কৰা হ’ব।

RSS plan to make whole country Ayodhya if you Cant go to Ram temple  inauguration - India Hindi News - राम मंदिर उद्घाटन में नहीं जा सकते? निराश  न हों, 'पूरे देश

অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ ৰাজনৈতিক ৰথী মহাৰথীৰ লগতে বলীউডৰ চেলিব্ৰিটী আৰু বহুতো ভিভিয়াইপি অংশগ্ৰহণ কৰিব।ইতিমধ্যে আমন্ত্ৰিত অতিথিৰ বাবে আমন্ত্ৰণ পত্ৰ সাজু কৰা হৈছে।
এই অনুষ্ঠানটোৰ বাবে এখন বিশেষ নিমন্ত্ৰণ কাৰ্ড প্ৰস্তুত কৰা হৈছে। বাৰ্তাটো এই ৰঙা কাৰ্ডখনত গেৰুৱা ৰঙত লিখা হৈছে। কাৰ্ডখনত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু এই খামত শ্ৰী ৰামৰ ছবিও অংকিত কৰা হৈছে।

অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা মুখ্য অতিথিসকলৰ ভিতৰত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল, মহন্ত নৃত্য গোপাল দাস আৰু শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ সভাপতি

এই বিশেষ অনুষ্ঠানটোৱে কেৱল ৰাজনৈতিক মহলৰ পৰাই নহয়, চলচ্চিত্ৰ উদ্যোগৰ পৰাও উপস্থিত থাকিব, অভিনেতা অমিতাভ বচ্চন, মাধুৰী দীক্ষিত, অনুপম খেৰ, অক্ষয় কুমাৰ, আৰু প্ৰশংসিত পৰিচালক ৰাজকুমাৰ হিৰাণী, সঞ্জয় লীলা ভাঞ্চালী আৰু ৰোহিত চেট্টীকে ধৰি প্ৰসিদ্ধ ব্যক্তিসকললৈ আমন্ত্ৰণ প্ৰদান কৰা হৈছে। অতিথিৰ তালিকাত কিংবদন্তী টিভি শ্বো ৰামায়ণত ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰুণ গোভিল আৰু দীপিকা চিখলিয়াৰ নাম অন্তৰ্ভু্ত আছে ।খেল জগতৰ পৰা ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে আৰু বিৰাট কহলিও এই অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি।

Leave A Reply

Your email address will not be published.