ন্যায়ালয়ত মুখ ঠেকেচা গুজৰাট চৰকাৰৰ,পুনৰ কাৰাগাৰলৈ যাব লাগিব বিলকিছ বানোৰ ধৰ্ষণকাৰী

0 5,152

আদালতৰ মজিয়াত বিলকিছ বানোৰ বৃহৎ জয়। উচ্চতম ন্যায়ালয়ে আজি ২০০২ চনৰ গুজৰাট দাঙ্গাৰ সময়ত বিলকিছ বানোক ধৰ্ষণ কৰা আৰু তাইৰ পৰিয়ালক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত হোৱা ১১ জন লোকক মুকলি কৰি দিয়াত বাধা আৰোপ কৰে। দোষীসকলক দুসপ্তাহৰ ভিতৰত কাৰাগাৰলৈ ঘূৰি অহাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে কয়,গুজৰাট চৰকাৰে অভিযুক্তক মুকলি কৰি দিয়াৰ সিদ্ধান্ত ভুল আছিল গুজৰাট চৰকাৰৰ ১১অভিযুক্তক মুক্তি দিয়াৰ অধিকাৰ, নাই।

Bilkis Bano: India Supreme Court cancels Gujarat gangrape convicts' release

উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক প্ৰত্যাখ্যান কৰি কয় “ৰেহাইৰ আদেশত দক্ষতাৰ অভাৱ আছে,” অপৰাধীসকলক কেৱল সেই ৰাজ্যৰ দ্বাৰা মুকলি কৰিব পাৰি য’ত তেওঁলোকৰ বিচাৰ কৰা হয়, যি হৈছে এই ক্ষেত্ৰত মহাৰাষ্ট্ৰ, গুজৰাট ৰাজ্যৰ দ্বাৰা ক্ষমতা প্ৰয়োগ হৈছে ক্ষমতা হস্তগত কৰা আৰু ক্ষমতাৰ অপব্যৱহাৰৰ ই এক উদাহৰণ,”।

২০২২ চৰ ১৫ আগষ্ট দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত শাস্তিৰ ভোগ কৰি থকা বিলকিস বানোৰ ১১ ধৰ্ষণকাৰীক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল গুজৰাট চৰকাৰে। তাৰ পূৰ্বে মুক্তিৰ বাবে আদালতত আবেদন কৰিছিল এই ধৰ্ষণকাৰী কেইটাই। সেই আবেদনৰ ভিত্তিতে গুজৰাট চৰকাৰে সিদ্ধান্ত লৈছিল আটাইকে মুকলি কৰি দিয়াৰ।

বিজপি শাসিত গুজৰাট চৰকাৰে ১১ ধৰ্ষণকাৰীৰ মুক্তি কৰি দিয়াৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। উত্থাপন হৈছিল বিভিন্ন প্ৰশ্ন। এই ঘটনাক লৈ দেশজুৰি বিতৰ্ক সৃষ্টি হোৱাৰ মাজতে গুজৰাট চৰকাৰে জনাইছিল এই ১১ ধৰ্ষণকাৰীয়ে ভাল আচৰণ কৰাৰ বাবে শাস্তিৰ ম্যাদ শেষ নোহোৱাৰ পাছতো তেওঁলোকক মুক্তি কৰি দিয়া হৈছে।

Bilkis Bano case verdict: Chronology of events- The New Indian Express

উল্লেখ্য যে, ২০০২ ৰ গোধৰা কাণ্ডৰ পাছত গুজৰাটত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়ত ৩ মে’ত ৫ মাহৰ অন্তঃসত্বা বিলকিস বানোক গণধৰ্ষণ কৰা হৈছিল। বিলকিস বানোৰ চকুৰ সন্মুখতে তেওঁৰ তিনিবছৰীয়া কন্যাক শিলেৰে আক্ৰমণ কৰা হৈছিল। তেওঁৰ পৰিয়ালৰ আন কেইবাজনকো হত্যা কৰা হৈছিল।

চি বি আইয়ে এই গোচৰৰ তদন্ত কৰি ‘বিৰলতম’ আখ্যা দিয়াৰ লগতে অপৰাধীৰ কঠোৰ শাস্তিৰ পোষকতা কৰিছিল। ইয়াৰ পাছতে ২০০৮ ৰ ২১ জানুৱাৰীত বিশেষ আদালতে ধৰ্ষণকাৰীক আজীৱন কাৰাদণ্ড বিহিছিল।

Leave A Reply

Your email address will not be published.