ভোগালী বিহুত নজ্বলিব পাৰে আপোনাৰ চৌকা! নাটনি হ’ব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ

0 1,448

ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন। সকলো ব্যস্ত হৈছে হেঁপাহৰ ভোগালী বিহুলৈ। কিন্তু বিহুৰ পূৰ্বে আপোনালৈ আছে এটা বেয়া খবৰ। ভোগালী বিহুত নজ্বলিব পাৰে আপোনাৰ চৌকা! নাটনি হ’ব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ।

পুনৰ বন্ধ হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৭টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ চিলিণ্ডাৰ পৰিবহণ সেৱা। নৰ্থ ইষ্ট পেকড এল পি জি ট্ৰেন্সপ’টাৰ এছ’চিয়েচনৰ কেইবাদফীয়া দাবীত গ্ৰহণ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰাৰ ফলত স্তব্ধ হৈ পৰিছে প্লাণ্টসমূহ।

পৰিবহণ সংস্থাৰ পূৰ্বৰ দাবী সমুহ নিষ্পত্তি নকৰাকৈয়ে নতুন নিবিদা আহ্বান কৰাক লৈ এই ধৰ্মঘট। IOCL কৰ্তৃপক্ষই থলুৱাক প্ৰবঞ্চনা কৰাৰ অভিযোগ এছ’চিয়েচনৰ। নৰ্থ ইষ্ট পেকড এল পি জি ট্ৰেন্সপ’টাৰ এছ’চিয়েচনৰ থলুৱা ব্যৱসায়ীসকলে পাবলগীয়া বকেয়া ধন আদায় নিদিয়াকৈ ভাৰতীয় তেল নিগমে নিবিদা আহ্বান কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অসম চৰকাৰ, ভাৰতীয় তেল নিগম আৰু নৰ্থ ইষ্ট পেকড এল পি জি ট্ৰেন্সপ’টাৰ এছ’চিয়েচনৰ মাজত হোৱা ত্ৰিপাক্ষিক আলোচনাৰ মাইন’চ ভংগ কৰাৰো অভিযোগ তেল নিগমৰ বিৰুদ্ধে।

ধৰ্মঘটৰ ফলত বন্ধ হৈ আছে উত্তৰ-গুৱাহাটী, মিৰ্জা সৰপাৰা, তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলীয়াজানৰ বটলিং প্লাণ্টৰ সম্পূৰ্ণ পৰিবহণ সেৱা।

Leave A Reply

Your email address will not be published.