ৰাম মন্দিৰৰ VIP PASSৰ বাবে আপোনালৈও আহিছে নেকি মেচেজ? সাৱধান মেচেজ ফৰৱাৰ্ড কৰিলেই খালী হ’ব বেংক একাউণ্ট

0 3,652

অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ বাবে মাজত মাথো কেইটামান দিন বাকী। ইয়াক লৈ সমগ্ৰ ভাৰতবৰ্ষতে উৎসুকতা বৃদ্ধি পাইছে। কিন্তু চাইবাৰ প্ৰৱঞ্চকে ইয়াৰ মাজতে গ্ৰহণ কৰিছে বিশেষ সুযোগ।চাইবাৰ অপৰাধীৰ এই জালত ভৰি দি আপোনাৰ অলপ অসাৱধানতাই কম সময়ৰ ভিতৰতে আপোনাৰ বেংক একাউণ্ট খালী কৰিব পাৰে।

অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰিব। আটকধুনীয়া মন্দিৰটো চাবলৈ আহিব বহুতে বিচাৰে। মুকলিৰ দিনা মন্দিৰত বিনামূলীয়াকৈ প্ৰৱেশৰ বাবে ভিআইপি পাছ লাভ কৰিব! এনে WhatsApp মেছেজ সকলোতে বিয়পি পৰিছে। এইটো আচলতে এটা প্ৰৱঞ্চনাৰ কৌশল।

প্ৰথম অৱস্থাত এটা WhatsApp মেছেজ আহে – ‘Ram Janmabhoomi Grihsampark Abhiyan.APK’। তাৰ পিছত আন এটা বাৰ্তা আহে, য’ত কোৱা হৈছে, ‘ভিআইপি প্ৰৱেশ পাবলৈ ৰাম জন্মভূমি গৃহ সংৰক্ষণ অভিযান ইনষ্টল কৰক আৰু হিন্দুসকলৰ সৈতে শ্বেয়াৰ কৰক… জয় শ্ৰী ৰাম…’

১. এনে ফাইলৰ দ্বাৰা আপোনাৰ ব্যক্তিগত তথ্য যেনে লগইন প্ৰমাণপত্ৰ, পাছৱৰ্ড, ক্ৰেডিট কাৰ্ড নম্বৰ, পৰিচয়, ব্ৰাউজিং ইতিহাস আৰু আনকি ব্যক্তিগত বাৰ্তাও লিক হ’ব পাৰে।২. প্ৰৱঞ্চকে বেংকিং এপ হেক কৰি একাউণ্ট নম্বৰ, লেনদেনৰ তথ্য আৰু অ’টিপিৰ দৰে বিত্তীয় তথ্যও চুৰি কৰিব পাৰেএনে লিংকত কোনো ধৰণে ক্লিক নকৰিব আৰু এই বাৰ্তা কাকো ফৰৱাৰ্ড নকৰিব। নিজেও সাৱধান হওক আৰু আনকো এনে প্ৰৱঞ্চনাৰ জালত পৰাৰ পৰা ৰক্ষা কৰক।

Leave A Reply

Your email address will not be published.