পুনৰ ভয়ংকৰ দুৰ্ঘটনা! ভোগালী বিহুৰ দিনাই বনভোজকাৰী দলৰ বাহনেৰে চেণ্ট্ৰ’ বাহনৰ সংঘৰ্ষ

0 2,212

ভোগালী আনন্দ–উল্লাসৰ মাজোতেই দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত । দেৰগাঁৱৰ বালিজানৰ দুৰ্ঘটনাৰ ঘটনা মাৰ নৌযাওতেই আকৌ বনভোজলৈ যোৱা এখন বাহনৰ দুৰ্ঘটনাত পতিত হৈছে। বাহনখনত ৫০ জন লোক আছিল বুলি জানিব পৰা গৈছে।

এখন যাত্ৰীবাহী বাছ আৰু চেণ্ট্ৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়। দেৰগাঁৱৰ নেঘেৰিটিঙৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত চেণ্ট্ৰ’ বাহন খনৰ নম্বৰ AS03E2210 আৰু যাত্ৰীবাহী বাছখনৰ AR01G2519 নম্বৰ।

বনভোজলৈ যোৱা বাহনখন পৰশুৰাম কুণ্ডৰ পৰা গৃহ অভিমুখে উভতি আহি আছিল। এই বনভোজকাৰী দলটো ওদালগুৰিৰ আছিল। এই দুৰ্ঘটনাত চেণ্ট্ৰ’ বাহনখনৰ দুজনকৈ লোক আঘাত প্ৰাপ্ত হয় আৰু দুয়োজনকে দেৰগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঘাতপ্ৰাপ্ত লোক দুজন পিতৃ আৰু জীয়ৰী বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.