হায়দৰাবাদৰ পৰা ৰাম লালাৰ বাবে আহিছে এটা বিশেষ লাড়ু,লাড়ুটোৰ ওজন শুনিলে আপুনিও হ’ব আচৰিত

0 3,820

হায়দৰাবাদত প্ৰস্তুত কৰা হৈছে এটা বিশেষ লাডু। এই ।ৰাম মন্দিৰত নৈবেদ্য হিচাপে আগবঢ়োৱাৰ বাবে তৈয়াৰ কৰা হৈছে এই প্ৰকাণ্ড আকৃতিৰ লাডুটো। লাডুটোৰ ওজন ১২৬৫ কিলোগ্ৰাম

WATCH: Hyderabad Caterer Prepares Over 1,250 KG Laddu For Ram Mandir 'Pran  Pratishtha'

হায়দৰাবাদৰ নাগাভূষণ ৰেড্ডী নামৰ এজন ব্যক্তিয়ে এই লাডুটো তৈয়াৰ কৰিছে। লাডুটো বনোৱাত তেওঁক সহায় কৰিছে আন ৩০জন লোকে। ২৪ ঘণ্টা ধৰি একেৰাহে কাম কৰি লাডুটো তেওঁলোকে তৈয়াৰ কৰিছে। এই লাডুটো ৰেফ্ৰিজেৰেটেড গ্লাছ বাকচত ভৰাই আয়োধ্যালৈ অনা হ’ব।

এই সন্দৰ্ভত নাগভূষণ ৰেড্ডীয়ে প্ৰকাশ কৰা মতে, ২০২২ চনৰ পৰা মই শ্ৰী ৰাম কেটাৰিং নামৰে এটা কেটাৰিং সেৱা আৰম্ভ কৰিছিলো। যেতিয়া ৰাম মন্দিৰৰ ভূমি পূজা হৈ আছিল, মই মনতে ভাবিছিলো যে শ্ৰী ৰামক কি নৈবেদ্য দিব পাৰি।তাৰ পাছতেই মোৰ মনলৈ এই ধাৰণাটো আহিছিল আৰু এতিয়া এই ১,২৬৫ কিলোগ্ৰাম ওজনৰ লাডুটো মই ভগৱানৰ নামত উৎসৰ্গা কৰি মনত খুবেই শান্তি লাভ কৰিছো।’

উল্লেখ্য যে, ২২ জানুৱাৰীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ কাৰ্যসূচীসমূহ মঙলবাৰৰ পৰা আৰম্ভ হৈছে।এই দিনটোত দেশ তথা বিদেশতো বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ প্ৰস্তুতি চলিছে। চালে চকু ৰোৱা হৈ পৰিছে সমগ্ৰ আযোধ্যা।

Leave A Reply

Your email address will not be published.