চিনেমা হলত প্ৰদৰ্শন হ’ব ‘ভগৱান ৰাম’, ২২ জানুৱাৰীত PVR INOXত হ’ব LIVE সম্প্ৰচাৰ…….

0 2,919

ৰাম ভক্তিত মুখৰিত সমগ্ৰ দেশ। ৰাজপথৰ পৰা মন্দিৰলৈ, শ্বপিং মলৰ পৰা পদপথলৈ সকলোতে কেৱল ‘জয় শ্ৰীৰাম’ ধ্বনি। কেৱল দেশতে নহয় বিদেশৰ ভূমিতো দেখিবলৈ পোৱা গৈছে ৰাম ভক্তিৰ প্ৰভাৱ।

কাইলৈ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ। সমগ্ৰ দেশবাসীৰ এতিয়া দৃষ্টি নিৱদ্ধ হৈ পৰিছে ৰাম জন্মভূমি অযোধ্যাত। ২২ জানুৱাৰীৰ পিছতে সাধাৰণ ভক্তৰ দৰ্শনৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ।

Watch live telecast of Pran Pratistha ceremony in PVR INOX, viewers will  get special 'combo' - informalnewz

২২ জানুৱাৰীত অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি উপস্হিত থাকিব বহুতো আমন্ত্ৰিত অতিথি। যাৰ বাবে সাধাৰণ লোকৰ বাবে স্বচক্ষে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ কঠিন হ’ব।

কিন্তু ইণ্টাৰনেট আৰু টেলিভিছনৰ মাজেৰে চাব পাৰিব ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্ৰচাৰ। কেৱল সেয়াই নহয়, খবৰ অনুসৰি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব দেশৰ আগশাৰী মাল্টিপ্লেক্স PVR INOXএ। দেশৰ ৭০ খন চহৰত ১৬০টা ছবিগৃহত ৰাম মন্দিৰৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব PVR INOX এ।

খবৰ অনুসৰি দিনৰ ১১ বজাৰ পৰা দিনৰ ৩ বজালৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাতৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব। PVR INOXৰ বিশেষ ৱেবছাইটৰ জৰিয়তে এই সম্প্ৰচাৰৰ টিকট লাভ কৰিব আপুনি।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও ২২ জানুৱাৰীৰ দিনটো চৰকাৰী অৰ্ধছুটী ঘোষণা কৰিছে। অসম চৰকাৰেও এই বিশেষ দিনটো অৰ্ধছুটী ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.