১৪বছৰীয়া আয়ুস্মানে আৰম্ভ কৰিলে ই-বিজনেছ;পঢ়া কোঠা হৈ পৰিছে কাৰখানা
চৰাইদেউ জিলাৰ মোহন গাও মূল নিবাসী আৰু মুম্বাইত নৱম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি থকা শ্ৰীমান আয়ুস্মান কলিতা নামৰ কিশোৰজনৰ লক্ষ্যনীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে | বাল্যকালৰে পৰা মহাকাশ আৰু ৰকেট বিজ্ঞানৰ প্ৰতি ধাউতি থকা কিশোৰটিয়ে, নিজ হাতেৰে সঁচা অৰ্থত মহাকাশলৈ নিক্ষেপ কৰিব পৰা ৰকেটৰ সঁজুলি যোৱা এক বছৰ ধৰি বিভিন্ন ঠাইত তথা নিজৰ বাস গৃহত , পঢ়া কোঠাত একক ভাৱে পৰীক্ষা নীৰিক্ষা কৰি বজাৰত বিক্ৰী কৰিব পৰাকৈ তৈয়াৰ কৰি একক ভাৱে একপ্ৰকাৰ ‘অনলাইন ‘ বা ই- ব্যৱসায় আৰম্ভ কৰিছে |সেই সঁজুলি সমূহৰ যোগেদি সেই ক্ষেত্ৰত ইচ্ছুক সকলে ৰকেট নিৰ্মাণৰ পৰীক্ষা, গৱেষণাৰ তথা প্ৰয়োগ কৰিব পাৰে | তাৰে কিছু সঁজুলি পুতলা হিচাপেও ব্যৱহাৰ হব পাৰে | সম্পূৰ্ণ ধাৰণা তেওঁৰ নিজৰ |ঘৰৰ পঢ়া কোঠা হৈ পৰিছে কাৰখানা |
বিক্ৰী কৰাৰ বাবে নিজা ববীয়া প্ৰতীক চিহ্ন,ৱেবচাইট, অনুজ্ঞা পত্ৰ, যাৱতীয় সকলো নিজে প্ৰস্তুত কৰি মুকলি কৰি দিয়াৰ পিছত দেশ তথা বিদেশৰ পৰা ক্ৰেতাৰ সঁহাৰি পাইছে মাত্ৰ ১ টা মাহত | ব্যৱসায়ৰ নাম
“ত্ৰেজেকতৰি এৰ’স্পেচ ” আৰু
ৱেবছাইট টি হ’ল,
“https://trajectory-aerospace.squarespace.com
উল্লেখযোগ্য বেংগালুৰুত দুজন
“আই আই টি “ৰ প্ৰাক্তন ছাত্ৰই আৰম্ভ কৰা ” ৰকেটিয়াৰ ” নামক
প্ৰতিষ্ঠানক এনে ধৰণৰ সামগ্ৰী বজাৰত মুকলি কৰি দি বলৈ প্ৰায় তিনি বছৰ সময় লাগিছিল|
মুম্বাইস্থিত নেহেৰু বিজ্ঞান ভৱনত আয়োজিত হব লগা এক অনুষ্ঠানত ব্যক্তিগত সৃষ্টিৰাজিৰ প্ৰদৰ্শন .কৰিবলৈ সুবিধা পোৱা কিশোৰ জনৰ নাম পূৰ্বতে বিজ্ঞান বিষয়ক পুথি প্ৰণেতা হিচাপে বাবে এছিয়া বুক অব ৰেকৰ্ডছ ত “ইতিমধ্যেই সন্নিৱিষ্ট আৰু তেওঁৰ দ্বিতীয় খন পুথি শীঘ্ৰেই প্ৰকাশৰ পথত|