২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ISL ২০২০-২১

0 524

২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব সপ্তম সংস্কৰণৰ আই এছ এল ৷ মহামাৰী ক’ৰনা বাবে সমগ্র বিশ্বতে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ আই.এছ.এল দেশৰ ভিন্ন স্থানত অনুষ্ঠিত হোৱাৰ পৰিৱর্তে গোৱাৰ তিনিটা স্থানত অনুষ্ঠিত হ’ব ৷

গোৱাৰ ফাটোৰডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম, বাম্বোলিমৰ জি এম চি এথলেটিকছ ষ্টেডিয়াম আৰু ভাস্কোৰ তিলক মৈদান ষ্টেডিয়ামতঅনুষ্ঠিত হ’ব আই এছ এলৰ খেলসমূহ ৷

জি এম চি এথলেটিকছ ষ্টেডিয়ামত ২০ নৱেম্বৰৰ উদ্বোধনী কেৰালা ব্লাষ্টার্ছ আৰু এ টি কে–মোহন বাগান এফ চি পৰস্পৰৰ মুখামুখি হ’ব৷

ভাৰতৰ ফুটবল ইতিহাসৰ অন্যতম সফল ক্লাব মোহন বাগানে এ টি কে দলৰ সৈতে সংযুক্ত হৈ প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াব আই এছ এলত ৷

প্রতিযোগিতাৰ লীগ পর্যায়ৰ মেচসমূহ নৱেম্বৰৰ পৰা ফেব্রুৱাৰীলৈ চলিব৷ নর্থ ইষ্ট ইউনাইটেডে ২১ নৱেম্বৰত মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে এইবাৰৰ আই এছ এলৰ প্রথমখন মেচ খেলিব৷

Leave A Reply

Your email address will not be published.