পকেটৰ পৰা হাত উলিওৱা, তুমি ক্লাৱক নহয় ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি আছা, কাক কটাক্ষ যুৱৰাজ সিঙৰ?

0 216

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ সামৰণি পৰাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ যুৱ ক্ৰিকেটাৰ সুভমন গীলে এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ফটোখনত সুভমন গীলক কোহলী, নটৰাজন আৰু ধাৱানৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে খেলপথাৰত থিয় হৈ থকা দেখা গৈছে।
‘‘নিজক দেশক প্ৰতিনিধিত্ব কৰিব পোৱাটো মহান অনুভুতি,’’ সুভমন গীলে ফটোখন শ্বেয়াৰ কৰি এনেদৰে লিখে।আনহাতে,সুভমন গীলৰ এই ফটোখনত ৰসিকভাৱে নিজৰ মত প্ৰকাশ কৰে প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ যুৱৰাজ সিঙে।
‘‘পকেটৰ পৰা হাত উলিওৱা তুমি ক্লাৱক নহয় ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি আছা,’’ সুভমনৰ ফটোত এইদৰে যুৱৰাজ সিঙে লিখে

উল্লেখযোগ্য যে, উক্ত ফটোখনত সুভমন গীলক পেণ্টৰ পকেটত হাত সোমাই থকা দেখা গৈছিল।

media school
Leave A Reply

Your email address will not be published.