১৮বছৰীয়া ক্ৰিকেট কেৰিয়াৰ সামৰিব এইজন ক্ৰিকেটাৰে,সামাজিক মাধ্যমত ঘোষণা কৰিলে এই কথা—-

0 187

ক্ৰিকেট জগতৰ পৰা অৱসৰ ল’ব ভাৰতীয় ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলে।বুধবাৰে অৱসৰৰ কথা ঘোষণা কৰা ক্ৰিকেটাৰগৰাকীয়ে।সামাজিক মাধ্যমযোগে এই খবৰ জানিবলৈ দিয়ে ক্ৰিকেটাৰজনে।

১৮ বছৰীয়া ক্ৰিকেটৰ যাত্ৰাত পেটেলে ২৫ খন টেষ্ট মেছ, ৩৮ এদিনীয়া আৰু ২খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেছ খেলিছিল।উল্লেখ্য যে, ১৭ বছৰ বয়সত পাৰ্থিৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অন্তৰ্ভূক্ত হৈছিল।২০০২ চনত ইংলেণ্ডৰ বিৰুদ্ধে খেলা এখন খেলৰ জৰিয়তে তেওঁ ক্ৰিকেটৰ যাত্ৰা আৰম্ভ কৰিছিল।আনহাতে সামাজিক মাধ্যমত নিজৰ অৱসৰৰ কথা ঘোষণা কৰি তেওঁৰ লগত খেলা সকলোক খেলুৱৈকে ধন্যবাদ জনায় খেলুৱৈগৰাকীয়ে।

media school
Leave A Reply

Your email address will not be published.