প্ৰট’কল ভাঙি ৰেষ্টুৰেন্টলৈ খাবলৈ যোৱাৰ পৰিনাম!আইছ’লেশ্যনত ৫ভাৰতীয় ক্ৰিকেটাৰ

0 294

অৱশেষত আশংকা কৰা মতেই ফল ভূগিবলগীয়া হ’ল অষ্ট্ৰেলিয়াত বৰ্ডাৰ-গাভাস্কাৰ অংশ ল’বলৈ যোৱা পাঁচগৰাকী ভাৰতীয় ক্ৰিকেটাৰে।
নিয়ম উলংঘা কৰাটো এতিয়াও স্পষ্ট হোৱা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে আটাইকেইগৰাকীকে আইছ’লেশ্যনত পঠোৱা হৈছে।
দৰাচলতে ,ছ’চিয়েল মিডিয়াত এগৰাকী ভাৰতীয় সমৰ্থকে প’ষ্ট কৰা ভিডিঅ’ত ৰোহিত শৰ্মাকে ধৰি কেইবাগৰাকীও ভাৰতীয় ক্ৰিকেটাৰক মেলব’ৰ্ণৰ ৰেষ্টুৰেন্টত খাই থকা দেখা গৈছিল।

উক্ত সমৰ্থকগৰাকীয়ে দাবী কৰিছিল যে ভাৰতীয় ক্ৰিকেটাৰকেইগৰাকীৰ সৈতে তেওঁ ফটোও উঠিছিল। আনকি ঋষভ পন্টে তেওঁক সাৱটিও ধৰিছিল।
এই বাতৰি পোহৰলৈ অহাৰ পাছতে বিচিচিআই আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ফালৰ পৰা ভাৰতীয় ক্ৰিকেটাৰ কেইগৰাকীয়ে বায়’ বাব’ল উলংঘা কৰিছে নে নাই তাৰ তদন্ত কৰা হয়।

তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে পাঁচগৰাকী ক্ৰিকেটাৰক ভাৰতীয় টীমটোৰ পৰা নিলগাই ৰখাৰ সিদ্ধান্ত লোৱা হয়। অৱশ্যে, তেওঁলোকক অনুশীলনত নিষেধাজ্ঞা আৰোপ কৰা নাই।ছ’চিয়েল মিডিয়াৰ ভিডিঅ’ৰ পৰা চিনাক্ত কৰি আইছ’লেশ্যনত ৰখা ক্ৰিকেটাৰ কেইগৰাকী হ’ল ৰোহিত শৰ্মা, ঋষভ পন্ট, শুভমন গীল, পৃথ্বী শ্ব আৰু নৱদীপ চাইনী।

media school
Leave A Reply

Your email address will not be published.