কিয় ‘সন্যাসী’ৰ ৰূপ ল’লে অধিনায়ক এম এছ ধোনীয়ে

0 2,652

সম্প্ৰতি ‘সন্যাসী’ ৰূপী এখন ফটোৰ বাবে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে চিএছকে অধিনায়ক এম এছ ধোনী। শনিবাৰে ভাৰতীয় প্ৰিমিয়াৰ লীগ ষ্টাৰ স্পৰ্টছৰ আনুষ্ঠানিক সম্প্ৰচাৰকসকলে এম এছ ধোনীয়ে ‘সন্যাসী’ৰ দৰে অৱতাৰ ধৰি থকা ফটো এখন টুইটাৰত পোষ্ট কৰে।

এম এছ ধোনীৰ এই ব্যতিক্ৰমীৰূপ সম্পৰ্কে বহুজনে কয় যে  ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২১ৰ বাবে  এই ফটোখনে বাণিজ্যিকৰ  ক্ষেত্ৰত বিশেষভাৱে অংশ ল’ব। প্ৰাক্তন ভাৰতীয় অধিনায়ক গৰাকীৰ অনুৰাগীসকলে এই নতুন ৰূপটোক সমৰ্থন জনাই কয় যে এম এছ ধোনীৰ শান্ত আৰু খেলুৱৈৰ ওপৰত থকা আশাব্যঞ্জক দৃষ্টিভঙ্গীক ফটোখনৰ জৰিয়তে তুলনা কৰিছে।

ধোনীয়ে আই পি এল ২০২১ ৰ পূৰ্বে এটা প্ৰশিক্ষণ শিবিৰৰ নেতৃত্ব ল’বলৈ মাৰ্চ মাহৰ আৰম্ভণিতে চেন্নাইত উপস্থিত হৈছিল। ধোনীয়ে আগন্তুক আই পি এল ২০২১ ত  চেন্নাই চুপাৰ কিংছৰ হৈ নেতৃত্ব ল’ব।

media school
Leave A Reply

Your email address will not be published.