অদ্ভূত কাণ্ড! ৫০ ঘণ্টা কফিনত সোমাই থাকিল ইউটিউবাৰ

0 4,808

সমাজত এনে কিছুমান লোক আছে যিসকলে নিজকে বিখ্যাত কৰিবলৈ বিচিত্ৰ কাম কৰি ভাল পায়।

ৱাশ্বিংটনৰ এজন যুৱকে নিজৰ ইউটিউবৰ চেনেলৰ দৰ্শকক আমোদ দিবলৈ কৰিলে এক অদ্ভূট ঘটনা।
যিটো ঘটনাৰ ভিডিঅ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে

১২ মিনিট ১৪ ছেকেণ্ডৰ ভিডিঅ’টো মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ৫০ নিযুত দৰ্শকে লাইক কৰিছে।

মাৰ্কিন ইউটিউবাৰ মিষ্টাৰ বিষ্ট নামৰ যুৱকজনে দৰ্শকক আমোদ দিবলৈ প্ৰায় ৫০ ঘণ্টা এটা কফিনত সোমাই জীৱন্তে সমাধিস্থ হৈ থাকে।

১২ মিনিটৰ ভিডিঅ’টোত যুৱকজনে প্ৰয়োজনীয় সা-সামগ্ৰী লগত লৈ কফিনত সোমোৱাৰ পাছত কেইজনমান বন্ধুৱে কফিনটো মাটিৰে ঢাকি দিয়া পৰিলক্ষিত হৈছে।

কফিনৰ ভিতৰত যুৱকজন অসুস্থ হৈ পৰিলে চিকিৎসাৰ বাবে এদল বিশেষজ্ঞ চিকিৎসকৰ দলো সাজু কৰি ৰখা হয়।

৫০ ঘণ্টাৰ পিছত কফিনৰ পৰা উলিয়াই অনা হয় ইউটিউবাৰ বিষ্টক

Leave A Reply

Your email address will not be published.