আজি ৰাণা দাৰ মৃত্যুবাৰ্ষিকী

0 1,747

জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ তথা সংগীত পৰিচালক জয়ন্ত হাজৰিকা মৃত্যুবাৰ্ষিকী আৰু আজিৰ এই পবিত্ৰ দিনটোত সমগ্ৰ অসমবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে ।

৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত তেখেতে বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সংগীত সাধনাত বৰ্তি থাকে। জয়ন্ত হাজৰিকাই গান গোৱা, সুৰ দিয়াৰ উপৰিও কেইবাবিধো বাদ্য যন্ত্ৰ বজোৱাত সিদ্ধহস্ত আছিল। তেখেতে গীটাৰ, ডুম্‌ৰা, মেণ্ডোলিন, এক’ৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনকে আদি কৰি কেইবাবিধো বাদ্যযন্ত্ৰ বজাব জানিছিল। এনেকুৱা এজন মহান শিল্পীক হেৰুৱাই সঙ্গীত জগতখন সদায় আধৰুৱা হৈ থাকিব।

media school
Leave A Reply

Your email address will not be published.