দিনক দিনে বৃদ্ধি পাইছে পৃথিৱীৰ উষ্ণতা

0 307

জলবায়ু পৰিৱৰ্তনৰ ফলতেই উষ্ণতা বৃদ্ধি পাইছে আৰু পৃথিৱীত নানান প্ৰাকৃতিক পৰিঘটনা সংঘটিত হৈছে৷ যিবোৰ ঠাই আগতে বানৰ কৱলত পৰা নাছিল সেই ঠাইবোৰত এতিয়া আবতৰীয়া বানে সংহাৰৰ সৃষ্টি কৰিছে৷ কিছুমান ঠাইত আকৌ খৰাঙৰ ভয়াৱহ ছবি ফুটি উঠিছে৷ ২০৫০ চনৰ ভিতৰত মেৰুৰ বৰফ গলাৰ বাবেই বিশ্বৰ বহু চহৰৰ অস্বিত্ব নাথাকিব বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰি আহিছে৷ বহু চহৰ পানীৰ তলত লীন যোৱাৰ আশংকা মেৰুৰ বৰফ গলাৰ বাবেই বৃদ্ধি পাইছে৷

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত-১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।

এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। উত্তৰ মেৰুত অৱস্থিত বৰফৰ ভাণ্ডাৰসমূহৰ উষ্ণতা গড় উষ্ণতাতকৈ ৫০ ডিগ্ৰী অধিক হোৱাৰ কথাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। সুমেৰুত ২০২০ চনৰ ছেপ্তেম্বৰ মাহত প্ৰচণ্ড জুই জ্বলা দেখা গৈছিল। এয়াও গোলকীয় উষ্ণতাৰেই প্ৰভাৱত হোৱা ঘটনা বুলি ধাৰণা কৰা হৈছিল।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছিল বাপক মাত্ৰাত গলন।

১৯৭২ চনৰ ৫-১৬ জুনলৈকে ৰাষ্ট্ৰসংঘৰ উদ্যোগত  ছুইডেনৰ ৰাজধানী ষ্টকহ’মত অনুষ্ঠিত হোৱা “মানৱ পৰিৱেশ সন্মিলন”ত “বিশ্ব পৰিৱেশ দিৱস” পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই প্ৰস্তাৱ অনুসৰি ১৯৭৩ চনৰেপৰা ৫ জুনৰ দিনটো সমগ্ৰ বিশ্বব্যাপি “বিশ্ব পৰিৱেশ দিৱস” হিচাপে উদ্‌যাপন কৰি অহা হৈছে ৷ 

Leave A Reply

Your email address will not be published.