নাজিৰাত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক আঁঠুৱা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 321

কংগ্ৰেছে ৬০ বছৰ ভাৰতবৰ্ষ চলালে, অসমখন চলালে ৬০, কাম একো নকৰিলে৷- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷ নাজিৰা বিধানসভা সমষ্টিৰ ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ দেওপানী গোঁহাইগাঁও ৰংগমঞ্চত অনুষ্ঠিত এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই কয় যে আমি অসমখন চলালো মাত্ৰ ৭ বছৰ ১০ মাহ আৰু ভাৰতবৰ্ষখন চলালো ১০ বছৰ৷ এই কেইবছৰত কংগ্ৰেছে কি কৰিছিল আৰু আমি কি কৰিছো সেইসমূহ মই আজিৰ সভাত আপোনালোকৰ আগত দাঙি ধৰিম৷
তেওঁ কয় যে কংগ্ৰেছৰ দিনত আধা মানুহৰ ৰেচন কাৰ্ড আছিল, এতিয়া বিজেপিৰ দিনত গোটেই মানুহৰ ৰেচন কাৰ্ড আছে৷ আজিকালি ৱান নেশ্যন ৱান ৰেচন কাৰ্ড বুলি কয়৷ এইখন ৰেচন কাৰ্ডেৰে আপুনি গুৱাহাটীত গৈয়ো চাউল ল’ব পাৰিব৷ এইখন ৰেচন কাৰ্ডেৰে আপুনি দিল্লীত গৈয়ো চাউল ল’ব পাৰিব৷ মন্ত্ৰী হাজৰাকীই আৰু কয় যে এইবিলাক কংগ্ৰেছৰ দিনত নাছিল৷ কংগ্ৰেছৰ দিনত ৭ টকা, ৬ টকা, ৩ টকাত চাউল কিনিব লগা হৈছিল, এতিয়া আমি সকলোকে বিনামূলীয়া চাউল দিছো৷ অসমৰ আজি ৫২ লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে৷ সকলোৱে বিনামূলীয়াকৈ গাইপতি ৫ কেজিকৈ চাউল পায়৷ কংগ্ৰেছৰ দিনত চাউল কিনি ল’ব লগা হৈছিল৷ ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা পায় মন্ত্ৰীগৰাকীয়ে সেই বিষয়েও সভাত ব্যাখ্যা দাঙি ধৰে৷ ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান কাৰ্ড পায়, ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পায়, ৰেচন কাৰ্ড থাকিলে উজলা গেছৰ সংযোগ লাভ কৰে, ৩০০ টকাকৈ গেছৰ দাম কমত পায় বুলি ভাষণত প্ৰকাশ কৰে৷ আনহাতে, কংগ্ৰেছৰ দিনৰ অনুদানৰ ঘৰবিলাক এটা ৰূমৰ আছিল বুলি কৈ মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দিনত দুটা ৰূমৰ ঘৰৰ লগতে বাৰান্দাও আছে৷ কংগ্ৰেছৰ দিনত ঘৰটোৰ দাম আছিল ৭৫ হাজাৰ টকা৷ তাত মাজত দালাল আছিল৷ ঘৰৰ টকা বিধায়ক, ঠিকাদাৰে খাইছিল৷ কিন্তু আমাৰ দিনত ঘৰৰ বাবে দিয়া হয় ডেৰ লাখ টকা৷ ইয়াত কোনো দালাল নাথাকে, ঘৰৰ গৰাকীয়ে নিজে বনায় ঘৰ৷ টকা ডাইৰেক্ট বেংকৰ একাউণ্টত যায়৷ এতিয়া ডেৰ লাখ টকাৰ ডেৰ লাখ টকাৰে ঘৰ হয় বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে৷ আনহাতে, বহুত খেতিয়কে বছৰত ৬ হাজাৰকৈ টকা পায়, কিন্তু কংগ্ৰেছৰ দিনত কৃষকে এই ধন পোৱা নাছিল বুলি তেওঁ কয়৷ মন্ত্ৰীগৰাকীয়ে ধানৰ মূল্য সন্দৰ্ভত ৰাইজৰ আগত ভাষণ দাঙি ধৰি কয় যে আজিৰ পৰা অলপ দিন আগতে ১ কুণ্টল ধানৰ মূল্য ১২০০ টকা আছিল, এতিয়া ২২,০০ টকা হ’ল৷ এয়া কিয় হ’ল তাৰ ব্যাখ্যা দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ধানবিলাক আমি চৰকাৰে কিনি লওঁ, আমাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিনি লয়৷ চৰকাৰে নিকিনিলেও যদি বেপাৰীয়েও কিনে, বেপাৰীয়ে ধানৰ দাম এতিয়া ২৩০০ টকা দিব লাগে৷ এয়া কৰাৰ বাবে আমাৰ কৃষক ৰাইজৰ লাভ হৈছে৷ এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণত প্ৰকাশ কৰে৷
মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত ৰাইজক অসমত যিমান পৰিয়ালত ৰেচন কাৰ্ড আছে অহা ডেৰ বছৰৰ ভিতৰত সকলোকে একোটা একোটাকৈ অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইয়াৰ বাবে কাইলৈৰ পৰা ইয়াত প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে৷ তদুপৰি ছোৱালীৰ শিক্ষাৰ কাৰণে নিযুত মইনা, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আদিৰ বিষয়েও ভাষণ দাঙি ধৰে৷ ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছক চোকা সমালোচনা কৰি কংগ্ৰেছক আঁঠুৱা-কম্বলৰ পাৰ্টি বুলি কটাক্ষ কৰে৷ তেওঁ এই আঁঠুৱা-কম্বলৰ পাৰ্টি কংগ্ৰেছক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়৷ তেওঁ কয় যে আঁঠুৱা-কম্বল লাগিলে কংগ্ৰেছক ভোট দিয়ক, যদি অৰুণোদয় লাগে, মুখ্যমন্ত্ৰী উদ্যমিতা লাগে, নিযুত মইনা লাগে তেতিয়া হ’লে আমাক ভোট দিয়ক৷ সভাত মন্ত্ৰীগৰাকীয়ে ৰাইজক ইঞ্চুৰেন্সৰ সুবিধা কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে৷ তেওঁ আৰু কয় যে কংগ্ৰেছে ৬০ বছৰ অসমখন চলাই মেডিকেল কলেজ বনাইছিল ৬ খন, আমি অসম চলালো ৭ বছৰ ১০ মাহ৷ আমি মেডিকেল কলেজ বনালো ১৮ খন৷ স্বাস্থ্য নাথাকিলে একো নহয়, কংগ্ৰেছে এই কাম নকৰিলে৷ এই কাম আমি কৰিলো৷ মন্ত্ৰীগৰাকীয়ে অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি বিজেপি চৰকাৰে কৰাৰ কথাও উল্লেখ কৰে৷ তেওঁ ৰাইজক বহুমূলীয়া ভোটটি বিজেপিৰ পদুম ফুল ছবিত দিবলৈ আহ্বান জনায়৷
মন্ত্ৰীগৰাকীয়ে আজি নাজিৰা বিধানসভা সমষ্টিৰ ন-পাম বাৰুৱতী গাঁও পঞ্চায়তৰ দেওপানী গোঁহাইগাঁও ৰংগমঞ্চত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে৷ ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে খটখটি গাঁও পঞ্চায়তৰ বেতনি চাপৰি ৰংগমঞ্চ, বৰবৰুৱা গাঁও পঞ্চায়তৰ ৰাজাপুল ৰংগমঞ্চ, বৰফুকন গাঁও পঞ্চায়তৰ ফুকন পুখুৰী ৰংগমঞ্চ, ফুলপানী বৰুৱা গাঁও পঞ্চায়তৰ ফুলপানী বৰুৱা ৰংগমঞ্চ, ৰহদৈ পুখুৰী গাঁও পঞ্চায়তৰ ৰহদৈ পুখুৰী ৰংগমঞ্চ আৰু চুকাফা গাঁও পঞ্চায়তৰ মথুৰাপুৰ বাগান খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷

Leave A Reply

Your email address will not be published.