আজিৰ মেচ বিশ্ব ক্ৰিকেটৰ দুই পাৱাৰ হাউছ অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা
বিশ্বকাপ ২০২৩ৰ আৰম্ভণিতে ভাৰতৰ বিৰুদ্ধে মুখ থেকেচা খাই চিন্তিত অষ্ট্ৰেলিয়া ক্ৰিকেট দল। তাচপাতৰ দৰে খহিছিল দলৰ বেটিং লাইন। ভাৰতৰ বলিং আক্ৰমণত দিশহাৰা হৈছিল অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলৰ দম্ভ-অহংকাৰ।
সম্প্ৰতি চিন্তিত কেংগাৰু বাহিনী। ভাৰতৰ প্ৰায় সংখ্যক পিটছে স্পীন বান্ধৱ। স্পীন বলৰ প্ৰতি অষ্ট্ৰেলিয়ান বেটাৰৰ আছে দুৰ্বলতা। তাতে আজি শক্তিশালী দক্ষিণ আফ্ৰিকাৰে অনুষ্ঠিত হ’ব এখন গুৰুত্বপূৰ্ণ মেচ।
লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আজিৰ এই মেচখন। আনবোৰ পিটছৰ দৰে একনাৰ উইকেটো স্পীন সহায়ক হ’ব। মেচখনত পেট কামিন্স নেতৃত্বাধীন কেংগাৰু বাহিনীয়ে যিকোনো প্ৰকাৰে বিজয় নিশ্চিত কৰিব লাগিবই। নহ’লে বিশ্ব জয়ৰ অভিযান কলিতে মৰহি যাওতে সময় নালাগিব।
ইফালে অষ্ট্ৰেলিয়া বধৰ আখৰাত ব্যস্ত টেম্ব বাভুমাৰ দল দক্ষিণ আফ্ৰিকা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে দলটোই। বিগত মেচখনত ৪শতাধিক ৰাণ সংগ্ৰহ কৰি আত্মবিশ্বাসী দক্ষিণ আফ্ৰিকা
উল্লেখযোগ্য যে বিশ্বকাপ এদিনীয়া ক্ৰিকেটত বৰ্তমানলৈকে দুয়ো দলৰ মাজত ৬খন মেচ অনুষ্ঠিত হৈছিল। ইয়াৰে ৩খনত অষ্ট্ৰেলিয়া আৰু ২খনত দক্ষিণ আফ্ৰিকা জয়ী হৈছিল। আনখন মেচ অমিমাংসিত হিচাপে সমাপ্ত হৈছিল। পৰিসংখ্যাৰ দিশৰ পৰা যদিও অষ্ট্ৰেলিয়া আগবাঢ়ি আছে;আজিৰ মেচখনে ইয়াৰ গতি সলাব বুলি একাংশই মত প্ৰকাশ কৰিছে।