দায়িত্ব এৰিব ৰাহুল দ্ৰাবিড়ে! প্ৰায় নিশ্চিত হৈছে ভাৰতীয় দলৰ নতুন প্ৰশিক্ষক

0 148

ৰবি শাস্ত্ৰীৰ পিছতে ২ বছৰৰ চুক্তিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে ৰাহুল দ্ৰাবিড়ে। সদ্য সমাপ্ত বিশ্বকাপৰ পাছত এই চুক্তিৰ ম্যাদ উকলি গ’ল। ই অৱশেষত টিম ইণ্ডিয়াৰ পৰৱৰ্তী প্ৰশিক্ষক কোন হ’ব সেইটো প্ৰায় নিশ্চিত কৰিছে BCCIয়ে।

ৰাহুল দ্ৰাবিড়ৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষক কোন হ’ব পাৰে তাৰ তালিকাত বহু নাম আহিছিল। ভিভিএছ লক্ষ্মণ, অনিল কুম্বলে, বীৰেন্দ্ৰ চেৱাগো আছিল এই তালিকাত। ব’ৰ্ডৰ সূত্ৰ অনুসৰি ভিভিএছ লক্ষ্মণ হ’ব পাৰে ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক। খবৰ অনুসৰি ৰাহুল দ্ৰাবিড় নতুন চুক্তি বৃদ্ধিৰ বাবে আগ্ৰহী নহয়। তথাপি ৰাহুলৰ সৈতে কথা পাতিব BCCIয়ে।

কিন্তু ৰাহুলে এতিয়াও চুক্তি বৃদ্ধি কৰিবলৈ ইচ্ছুক নহয়। ফলত ভিভিএছ লক্ষ্মণে আনুষ্ঠানিকভাৱে দায়িত্ব লাভ কৰাটো সময়েহে ক’ব।.বৰ্তমান ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ দায়িত্বত আছে ভি ভি এছ লক্ষ্মণ। প্ৰশিক্ষক হোৱাৰ পূৰ্বে ৰাহুল দ্ৰাবিড়ো সেই একেই দায়িত্বত আছিল। ব’ৰ্ডৰ সূত্ৰ অনুসৰি লক্ষ্মণে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ অন্তত ভাৰতীয় দলটোৰ পূৰ্ণকালীন প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ ওলাইছে। কিন্তু বিচিচিআইয়ে ৰাহুল দ্ৰাবিড়ৰ সৈতে শেষবাৰৰ বাবে কথা পাতিব পাৰে।

Leave A Reply

Your email address will not be published.