“আদি বজাৰ” উদ্বোধন মন্ত্ৰী ৰণোজ পেগুৰ

0 762

জনজাতীয় সমাজৰ উৎপাদিত বিভিন্ন সামগ্ৰী উপভোক্তা বজাৰলৈ উলিয়াই আনি জনজাতীয় ৰাইজক আৰ্থিকভাৱে সবল কৰাৰ ব্যাপক পৰিসৰ আছে। একেই উদ্দেশ্যৰে গুৱাহাটীৰ আমবাৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ট্ৰাইফেড (Tribal Cooperative Marketing Development Federation Of India Limited)ৰ উদ্যোগত আয়োজিত “আদি বজাৰ” উদ্বোধন কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়সমূহৰ সমৃদ্ধ ঐতিহ্য আৰু সংস্কৃতি, সুন্দৰ হস্তশিল্প আৰু সুস্বাদু ৰন্ধন প্ৰণালীৰ আমেজ আৰু মাদকতাই সুকীয়া। জনজাতীয় ৰাইজে তেওঁলোকৰ চহকী সম্পদসমূহ প্ৰদৰ্শন কৰাৰ বাবে আদি বজাৰখন অতি প্ৰয়োজনীয় আৰু সঠিক মাধ্যম হিচাপে বিবেচিত হ’ব বুলি আশা কৰিছোঁ। এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ট্ৰাইফেড কৰ্তৃপক্ষক আন্তৰিক অভিনন্দন জনাই মন্ত্ৰীগৰাকীয়ে।

media school
Leave A Reply

Your email address will not be published.