পৰিৱৰ্তন হব ক্ৰিকেট যুগৰ, দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ পিছতে অৱসৰ ল’ব বিৰাট কোহলীয়ে
ভাৰতত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন টি-২০ খেলৰ শৃংখলা জয় কৰাৰ পিছত, ভাৰতীয় দলটোৱে এইবাৰ দক্ষিণ আফ্ৰিকাত উপস্হিত হৈছে। ভাৰতে ১০ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টি-২০, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট খেলিব। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে বাছনি কৰা white ball ফৰ্মেটত বিৰাট কোহলীৰ নাম নাই।
অৱশ্যে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে red ball ফৰ্মেটত, বিৰাটক বেটিং কৰা দেখা যাব। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত টেষ্ট শৃংখলাৰ পিছত কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব পাৰে, ক্ৰিকেট জগতৰ বিৰাট কোহলীৰ ঘনিষ্ঠ বন্ধুয়ে সংবাদ মাধ্যমত ইংগিত দিছে।
দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা খেলুৱৈ এ বি ডি ভিলিয়ৰ্ছে শেহতীয়া এক সাক্ষাৎকাৰত তেওঁৰ শ্ৰেষ্ঠ বন্ধু বিৰাট কোহলীৰ বিষয়ে কয়, “মই ভাবো বিৰাট কোহলীয়ে তেওঁৰ কেৰিয়াৰৰ অন্তিমবাৰৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিবলৈ গৈ আছে।
ভাৰতৰ স্বৰ্ণ পদক বিজয়ী বিৰাট কোহলীয়ে শেহতীয়াকৈ সমাপ্ত এদিনীয়া বিশ্বকাপত ৭৬৫ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। তেওঁ দীৰ্ঘ ১২ বছৰৰ পিছত এদিনীয়া বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাটীম ইণ্ডিয়ালৈ যথেষ্ট অৱদান আগবঢ়াইছে। বিশ্বকাপ শেষ হোৱাৰ পাছৰে পৰা কোহলীয়ে এতিয়াও ভাৰতৰ হৈ এখনো খেল খেলা নাই।
কোহলীয়ে ২৬ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট অভিষেক কৰিবলৈ সাজু হৈছে। তেওঁ আগতে আন কোনো খেলত দলৰ হৈ বেটিং নকৰিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলাৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ যিকোনো এটা ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিব পাৰে।