৫ উইকেটত জয়ী দক্ষিণ আফ্ৰিকা

0 2,671

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা জয়ী হৈ উৰা মাৰিছিল দক্ষিণ আফ্ৰিকালৈ বুলি। দঃ আফ্ৰিকাৰ বিৰুদ্ধে ক্ৰিকেটৰ তিনিওটা ফৰ্মেট খেলিব ভাৰতে।

ভাৰতৰ প্ৰতিটো ফৰ্মেটৰ বাবে নিয়োগ কৰা হৈছে ৩গৰাকী অধিনায়ক। টেষ্ট দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই। আনহাতে এদিনীয়া আৰু টি-২০ দলক নেতৃত্ব দিব ক্ৰমে কে এল ৰাহুল আৰু সূৰ্য্য কুমাৰ যাদৱে।

প্ৰথমেই অনুষ্ঠিত হৈছে টি-২০ শৃংখলা। মঙলবাৰে অনুষ্ঠিত দ্বিতীয়খন মেচত ভাৰতে ৭টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৮০ ৰান। সূৰ্য্য কুমাৰ যাদৱৰ ৫৬ আৰু ৰিংকুৰ ৬৮ ৰানৰ সহায়ত ভাৰতে ১৮০ ৰান বিতলবো সক্ষম হয়।

অৱশ্যে বৰষুণৰ বাবে ভাৰতে ৰানৰ পাহাৰ গঢ়িয়ো পৰাজয়বৰণ কৰিব লগা হয়। ডাৰ্ক-ৱৰ্থ লুইছ পদ্ধতিত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাই ৫ উইকেটত জয়ী হয়। ১৫ অ’ভাৰলৈ হ্ৰাস কৰা মেচখনত ঘৰুৱা দলটোৱে ৫ উইকেটৰ বিনিময়ত ১৫৪ ৰান সংগ্ৰহ কৰি বিজয় লক্ষ্যত উপনীত হয়।

এই জয়েৰে শৃংখলাত দক্ষিণ আফ্ৰিকাই ১-০ৰ অগ্ৰগতি লাভ কৰে। উল্লেখ্য যে বৰষুণৰ বাবেই প্ৰথমখন মেচ পৰিত্যক্ত ঘোষণা কৰা হৈছিল। তিনিখনীয়া শৃংখলাৰ বাকী থকা মেচখনত যদি ভাৰত জয়ী হয় তেন্তে ১-১ৰ সমতা স্থাপন কৰিব অন্যথা ঘৰুৱা দল জয়ী হ’লে হেৰুৱাব লাগিব শৃংখলা।

media school
Leave A Reply

Your email address will not be published.