অৰ্জুন বঁটাৰ বাবে মনোনীত ক্ৰিকেটাৰ মহম্মদ ছামীৰ নাম

0 1,318

টিম ইণ্ডিয়াৰ তাৰকা মহম্মদ ছামীক এদিনীয়া বিশ্বকাপত তেওঁৰ সাফল্যৰ বাবে এই বছৰৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে। ছামী বিশ্বকাপত শীৰ্ষস্থানৰ উইকেট সংগ্ৰহকাৰী বোলাৰ আছিল।

সামগ্ৰিক বিশ্বকাপত, ছামীয়ে 14 টা ইনিংছত 45 টা বিশ্বকাপ উইকেট দখল কৰিছে । ছামীয়ে এজন ভাৰতীয় বোলাৰ হিছাপে চিমাৰ জাৱাগল শ্ৰীনাথ আৰু জাহিৰ খানক অতিক্ৰম কৰি সৰ্বাধিক উইকেট লাভ কৰা বোলাৰ হৈ পৰিছে।

মন্ত্ৰালয়ৰ সূত্ৰঅনুসৰি, বিচিচিআইয়ে ক্ৰীড়া মন্ত্ৰালয়ক শ্বামীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ এক বিশেষ অনুৰোধ কৰিছিল কিয়নো মূলতঃ তেওঁ দেশৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ তালিকাত স্থান পোৱা নাছিল।

বিশ্বকাপৰ প্ৰথম চাৰিখন খেলৰ playing ১১ ৰ অংশীদাৰ নাছিল মহম্মদ ছামী, কিন্তু সুযোগ পাই উজলি উঠিছিল ছামী, মাত্ৰ 5.26 গড়ে 24 টা উইকেট দখল কৰিছিল ছামীয়ে।

ছামীৰ উপৰিও অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱা আন খেলুৱৈসকলৰ ভিতৰত আছে পুৰুষ হকী খেলুৱৈ কৃষ্ণ বাহাদুৰ পাঠক আৰু সুশীলা চানু, আৰ্চাৰ ওজাছ প্ৰবীণ দেওতালে আৰু অদিতি গোপীচান্দ স্বামী। বক্সাৰ মহম্মদ হুচামুদ্দিন, দবা খেলুৱৈ আৰ বৈশালী, গল্ফাৰ দীক্ষা দাগৰ, শ্বুটাৰ আইশ্বৰী প্ৰতাপ সিং তোমাৰ, মল্লযোদ্ধা এণ্টিম পাংঘাল, এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী ৱুচু খেলুৱৈ নাওৰেম ৰোশিবিনা দেৱী আৰু পেডেলাৰ আয়হিকা মুখাৰ্জী।

media school
Leave A Reply

Your email address will not be published.