এটা অধ্যায়ৰ সামৰণি: হাৰ্দিক পাণ্ডিয়াৰ হাতত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব

0 1,458

আই পি এলৰ আটাইতকৈ সফল দল মুম্বাই ইণ্ডিয়ানছে এক অবিশ্বাস্য সিদ্ধান্ত গ্ৰহণ কৰিছে । আগন্তুক আই পি এল ছিজনত ৰোহিত শৰ্মাক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰা দেখা নাযাব। তেঁওৰ পৰিবৰ্তে হাৰ্দিক পাণ্ডিয়াক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

এইটো সকলোৰে বাবে স্পষ্ট আছিল যে আগন্তুক দিনত হাৰ্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিছাপে বিচৰা হৈছে কিন্তু এই দিনটো ইমান সোনকালে আহিব বুলি কোনো ধাৰণা নাছিল।

অৱশেষত, অপ্ৰত্যাশিত ঘটনাটো ঘটিল। হাৰ্দিক পাণ্ডিয়াই ২০২৪ চনত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিব। হয়তো সেইকাৰণে মুম্বাইয়ে তেওঁক গুজৰাট টাইটানছৰ পৰা ট্ৰেড পদ্ধতিৰে দললৈ ঘূৰাই আনিছিল।

ৰোহিত শৰ্মা ipl ইতিহাসৰ এক সফলতম অধিনায়ক । তেঁওৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে ৫ বাৰকৈ ipl ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰোহিত শৰ্মাই অধিনায়কত্ব কৰা ১৫৭ মেচৰ ৮৭ খন মেচত মুম্বাই ইণ্ডিয়ানছ জয়ী হয়।

কিন্তু ৰোহিত শৰ্মাক অধিনায়ক পদৰ পৰা আঁতৰাই হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে বাছনি কৰাৰ সিদ্ধান্তত সুখী নহয় মুম্বাই অনুৰাগী। ইতিমধ্যেই Twitter অত ৪ লাখতকৈ অধিক অনুৰাগীয়ে unfollow কৰিছে মুম্বাই ইণ্ডিয়ানছৰ page টো। Twitter অত trend কৰিছে।

media school
Leave A Reply

Your email address will not be published.