আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ওপজা দিন । নিজৰ কুকিল কণ্ঠেৰে আটাইৰে মন জয় কৰা এইগৰাকী গোৱালপাৰাৰ জীয়ৰীক আজি সকলোৱে শ্ৰদ্ধাৰে সোৱঁৰিছে। আজীৱন গোৱালপাৰীয়া লোকগীতৰ সাধনা কৰা এই মহান শিল্পী গৰাকীয়ে অসমৰ সংস্কৃতিৰ জগতখন চহকী কৰি থৈ গৈছে ।
তেওঁৰ এই আপুৰুগীয়া অৱদান অসমবাসীৰ মাজত সদায় জিলিকি থাকিব আৰু সংস্কৃতি জগতখন তেওঁৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ’ব ।