ভাৰতীয় ৰিজাৰ্ভ বেংকে সলনি কৰিব পাৰে নিয়ম!

0 296

আন বেংকসমূহৰ সহযোগীতাত একাধিক বেংক একাউণ্ট থকা একাউণ্টধাৰীসকলক প্ৰভাৱিত কৰিব।

যদি একেটা ফোন নম্বৰৰ সৈতে একাধিক Bank Account লিংক হৈ আছে তেন্তে সাৱধান!

যদি আপোনাৰ একাধিক বেংক একাউণ্ট আছে আৰু সেই বেংক একাউণ্টবোৰ একেটা ফোন নম্বৰৰ সৈতে লিংক কৰা আছে, তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। একাধিক বেংক একাউণ্টত একেটা ফোন নম্বৰ থকা একাউণ্টধাৰীয়ে অনাগত দিনত নতুন পৰিৱৰ্তনৰ মাজেৰে পাৰ হ’ব লাগিব।

বেংক একাউণ্ট আৰু একাউণ্টধাৰী চিনাক্তকৰণৰ বাবে RBI য়ে পৰীক্ষণ স্তৰত অতিৰিক্ত স্তৰ যোগ কৰিব পাৰে। বেংকে সেই একাউণ্টধাৰীৰ একাউণ্টত কে ৱাই চি আপডেট কৰিব পাৰে যিসকলৰ একাধিক বেংক একাউণ্ট এটা ফোন নম্বৰৰ সৈতে লিংক কৰা হৈছে,যিসকল লোকৰ একাধিক বেংক একাউণ্ট বিভিন্ন নথি-পত্ৰৰে খোলা আছে তেওঁলোকৰ বাবে বেংক একাউণ্ট কেৱাইচি আপডেট কৰিব পাৰিব।কে ৱাই চি ফৰ্মত বেলেগ নম্বৰ দিব লাগিব পাৰে। যিসকলৰ যৌথ একাউণ্ট আছে তেওঁলোকে কে ৱাই চি ফৰ্মত নিজৰ আন নম্বৰটো আপডেট কৰিব লাগিব। অৰ্থাৎ আগন্তুক দিনত একাধিক একাউণ্ট থকা একাউণ্টধাৰীসকলে অধিক পৰীক্ষণৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

KYCৰ বাবে তেওঁলোকৰ পৰা অতিৰিক্ত নথি-পত্ৰ দাবী কৰিব পাৰে। শেহতীয়াকৈ আৰ বি আইয়ে কে ৱাই চিৰ নীতি-নিয়ম ভংগ কৰাৰ বাবে পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰ বি আইয়ে বেংকৰ কে ৱাই চি বিষয়ত কোনো ধৰণৰ অনিয়ম নিবিচাৰে, গতিকে অধিক কঠোৰ হোৱাৰ অৱস্থাত আছে।

Leave A Reply

Your email address will not be published.