প্লাষ্টিক চাউলে হৰিলে ৰাইজৰ মুখৰ ভাত

0 13,610

আজি নলবাৰীত অনুষ্ঠিত হোৱা অন্ন মহোৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মাজত অন্ন যোগানৰ বাবে বিভিন্ন আঁচনি মুকলি কৰাৰ সময়তে কোকৰাঝাৰৰ বি টি আৰত দেখিবলৈ পোৱা গল অন্য এক দৃশ্য ।অন্ন মহোৎসৱৰ সময়তে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত দেবিতলিত জব্দ কৰা হল বৃহৎ পৰিমাণৰ প্লাষ্টিক চাউল ।

গৌৰীপুৰৰ বিটিআৰৰ পৰ্বতঝোৰাৰ দেবিতোলাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চৰকাৰী চাউলৰ নামত বিক্ৰী কৰা হৈছে প্লাষ্টিক চাউল। আৰু দেবিতোলা চতুৰ্থ খণ্ড গাঁওৰ বহুমুখী সমবায় সমিতিৰ এজেণ্ট বোপতী ৰাভাই বিতৰণ কৰা চাউলত প্লাষ্টিক চাউল ধৰা পৰাত এমুঠি অন্নৰ বাবে স্থানীয় ৰাইজে ভুগিব লগা হৈছে

বাসবাৰী স্থিত পৰ্বতঝোৰাত সমবায় সমিতিৰ পৰা BMS এজেণ্ট গৰাকীয়ে সংগ্ৰহ কৰা চাউলত ওলোৱা বিষাক্ত প্লাষ্টিক জাতীয় চাউলৰ এতিয়া তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে লগতে তেওঁলোকে প্ৰশ্ন অৱতাৰণা কৰিছে যে চৰকাৰে যোগান ধৰা চাউলত কিদৰে মিহলি হৈছে প্লাষ্টিক চাউল??

media school
Leave A Reply

Your email address will not be published.