“মেটা” নামেৰে নামাকৰণ কৰা হ’ল ফেচবুক কোম্পানী

0 1,781

Facebook হৈছে বৰ্তমান সময়ৰ এটা জনপ্ৰিয় এপ ।প্ৰত্যেক ব্যক্তিৰে আজিৰ তাৰিখত আছে একোটাকৈ ফেচবুক একাউণ্ট।আৰু বৰ্তমান এই জনপ্ৰিয় ফেচবুক এপটোয়ে লৈছে এক নতুন পৰিচয় ।

যোৱা বৃহস্পতিবাৰে ফেচবুক কোম্পানীৰ নাম সলাই “মেটা” নামেৰে নামাকৰণ কৰা হয়।উল্লেখ্য যে ফেচবুক কোম্পানীটোৰ নাম সলনি হৈছে যদিও ফেচবুক এপটোৰ নাম এতিয়াও সলনি হোৱা নাই। জুকাৰবাৰ্গে ঘোষণা কৰিছে যে যিহেতু ফেচবুক কোম্পানীটোৰ অধীনত ইনষ্টাগ্ৰাম, হোৱাটছএপৰ দৰে একাধিক প্লেটফৰ্ম আছে, সেয়েহে কোম্পানীটোৰ নাম ফেচবুক হোৱাটো উচিত নহয় যাৰ বাবে ফেচবুক এপটোক এটা এপ হিচাপে ৰাখি সলনি কৰা হৈছে কোম্পানীটোৰ নাম । ভৱিষ্যত নেটৱৰ্কৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এনে সিদ্ধান্ত । ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে কানেক্ট ২০২১ নামৰ এটা ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰি কোম্পানীটোৰ নতুন নাম ঘোষণা কৰে

media school
Leave A Reply

Your email address will not be published.