প্ৰধানমন্ত্ৰীৰ দেওবৰীয়া মন কি বাত

0 1,381

ভাৰতৰ পৰা আন আন দেশলৈ কৰা বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ৰপ্তানিৰ মুল্য মার্চ, ২০২২ৰ তৃতীয়  সপ্তাহত নির্ধাৰিত লক্ষ্যত উপনীত হয়, এই লক্ষ্য আছিল ৪০০ বিলিয়ন ডলাৰ বা ৩০ লাখ কোটি টকা ৷ ২৭ মার্চৰ অন্তিম দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কি বাত অনুষ্ঠানত এই কথা সদৰি কৰি কয় যে ৰপ্তানি বৃদ্ধিৰ এই লক্ষ্য পূৰণ আপাতদৃষ্টিত কেৱল অর্থনীতি সংক্ৰান্তীয় বিষয় যদিও এনে এক অভিলেখে আন কেইবাটাও দিশলৈয়ো আঙুলিয়ায়, যেনে, দেশখনৰ সামগ্ৰিক দক্ষতা, সম্ভাৱনীয়তা আৰু বিশ্বত ভাৰতীয় সামগ্ৰীৰ বর্ধিত চাহিদা ৷   

চলিত বছৰৰ মার্চ মাহত ভাৰতৰ ৰপ্তানিৰ মূল্য ৩৭ শতাংশ বৃদ্ধি হৈ ৪০০ বিলিয়ন মার্কিন ডলাৰ হয়গৈ, ইয়াৰ পূর্বে ২০২০-২১ত ৰপ্তানিৰ মূল্য আছিল ২৯২ বিলিয়ন মার্কিন ডলাৰ ৷ এটা বিত্তীয় বর্ষতে পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ ৰপ্তানিৰ মূল্য ৪০০ বিলিয়ন মার্কিন ডলাৰতকৈ অধিক হৈছে ৷

চাৰিখন ৰাজ্যৰ বিধান সভাৰ নির্বাচনত বিজেপি দলৰ বৃহৎ জয়লাভৰ পিচত প্ৰধানমন্ত্ৰীয়ে আজি ২৭ মার্চত পোনপ্ৰথমবাৰৰ বাবে মন কি বাতত ভাগ লয়, প্ৰতি মাহৰ অন্তিম দেওবাৰে এই অনুষ্ঠান প্ৰচাৰ হৈ আহিছে ৷  

আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াকো কয় যে চৰকাৰৰ eMarketPlace পর্টেলৰ  জৰিয়তে কেৱল বৃহৎ ব্যৱসায়ী গোষ্ঠীয়েহে সামগ্ৰী বেচিব পাৰিব বুলি সৃষ্টি হোৱা ধাৰণা ইতিমধ্যে ভুল বুলি প্ৰমাণিত হৈছে আৰু এই পর্টেলৰ জৰিয়তে চৰকাৰে সামগ্ৰী ক্ৰয় কৰা প্ৰক্ৰিয়াত ক্ষুদ্ৰ উদ্যোগীৰ ভূমিকা আজি মুখ্য হৈ পৰিছে ৷   

এইবাৰৰ পদ্ম বঁটা প্ৰদানৰ প্ৰসংগত মোডীয়ে কয় যে বঁটা বিজয়ী ১২৬ বছৰ বয়সীয়া বাবা শিবানন্দৰ  সুস্বাস্থ্য আৰু শাৰিৰীক দক্ষতা আজি দেশবাসীৰ মাজত এক আলোচনাৰ বিষয়, বাবা শিৱানন্দৰ যোগাভ্যাসেই তেওঁৰ সাফল্যৰ যাদু বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় ৷

অহা এপ্ৰিল মাহত জন্মবার্ষিকী উদযাপন হবলগীয়া বি বি আম্বেদকাৰ আৰু জ্যোতিৰাও ফুলেৰ প্ৰতি প্ৰধানমন্ত্ৰীজনে শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Leave A Reply

Your email address will not be published.