নতুনকৈ স্থাপন কৰা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস-সংস্কৃতি’ বিভাগত আৱণ্টন দিয়া হৈছে ১৪০ কোটি টকা

0 7,790

বিগত বছৰৰ ৩০ জুলাইত প্রত্নতত্ত্ব সঞ্চালকালয়,
বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়, আৰু সংগ্ৰহালয় সঞ্চালকালয়ক সংযোজিত কৰি “খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠন কৰা হৈছিল। ইয়াৰ উপৰিও বিগত ২০২১ চনৰ ২৭ অক্টোবৰত “খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি, অসম নামেৰে নতুন সঞ্চালকালয় গঠন কৰা হৈছে। বিভাগটোৱে জন্মৰ পৰা এতিয়ালৈকে অসম চৰকাৰৰ বাজেটত মুঠ  ১৪,০৭৮.০৫ লাখ টকা আৱণ্টন পাইছে। আনহাতে অসম চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত এই বিভাগৰ অধীনস্থ চাৰিওটা সঞ্চালকালয়লৈ সৰ্বমুঠ ১৪,০৭৮.০৫ লাখ টকা আৱণ্টন দিছে আৰু তাৰে চলিত ২২ মাৰ্চলৈ সৰ্বমুঠ ১৮,৪০,৫৮০২৪ লাখ টকা ইতিমধ্যে খৰচ কৰা হৈছে। সোমবাৰে সদনত এই তথ্য সদৰি কৰে বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিধায়ক অখিল গগৈ আৰু  আব্দুৰ ৰহিম আহমেদে উত্থাপন কৰা পৃথক পৃথক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে যে,  ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু বাজেট অনুমোদিত ধনৰ পৰিমাণ বাজেট অনুমোদনৰ পাছতহে দিব পৰা যাব। তেওঁ কয় যে, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি এটা নৱ গঠিত বিভাগ। ইয়াৰ গঠন প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই। সেয়ে এই বিভাগে সামৰি লোৱা জনগোষ্ঠী জনজাতিৰ বিতং তথ্য পৰৱৰ্ত্তী পৰ্যায়তহে দিব পৰা যাব। অসমত পূৰ্বৰে পৰা বসৱাস কৰি অহা জনগোষ্ঠী জনজাতি যিসকলে অতীজৰে পৰা প্রচলিত ধর্মীয় বিশ্বাস, আস্থা আদি পালন কৰি আছে সেইসকলক এই বিভাগে সামৰি লব ।

যিসমূহ সংস্থা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতিৰ প্ৰভাৱ, প্ৰচাৰ আৰু সংৰক্ষণত নিয়োজিত হৈ আছে অথবা যি জনজাতি সমাজ নিজৰ প্ৰাচীন ধৰ্ম, বিশ্বাস আৰু পৰম্পৰাৰ সৈতে জড়িত হৈ আছে তেওঁলোকক এই বিভাগৰ অধীনত পঞ্জীয়নৰ বাবে আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে। আবেদন পত্র itfc.assam.gov.in আৰু assam.gov.in পৰ্টেল আৰু উপায়ুক্ত, মহকুমাধিপতিৰ কাৰ্য্যালয়ত উপলব্ধ কৰা হৈছে। বাতৰি কাকতত বিজ্ঞাপনৰ যোগেও এই সম্পর্কে প্ৰচাৰ কৰা হৈছে। আবেদন পত্ৰসমূহ পোৱাৰ পিছত বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱা হব আৰু যোগ্য বিবেচিত জনগোষ্ঠীয় -জনজাতীয় সংস্থা, গোট সমূহৰ ধৰ্মীয় বিশ্বাস তথা সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা লোৱা হব৷

Leave A Reply

Your email address will not be published.