ছেবাই ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী

0 200

আজি ঘোষণা কৰিলে ২০২৪ বর্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী ৷ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা ৷ ৪ মার্চত অন্ত পৰিব মেট্ৰিক পৰীক্ষাৰ ৷ ইফালে, ২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা সমূহ ৷ ২ আৰু ৩ ফেব্ৰুৱাৰীত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ছেবাৰ জাননীত উল্লেখ কৰা অনুসৰি য’ত বিষয়সমূহৰ পৰীক্ষা অনুষ্ঠিত হ’ব সেই পৰীক্ষা কেন্দ্ৰতে ব্যৱহাৰিক পৰীক্ষাও অনুষ্ঠিত হ’ব ৷

সূচী অনুসৰি ১৬ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা ৷ ১৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব সংগীত, নৃত্য,কাঠ শিল্প আৰু বেংগলী বিষয়ৰ পৰীক্ষা ৷ সেইদিনাই পিছবেলা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ মণিপুৰি আৰু চাওতালী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ২০ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব সমাজ বিজ্ঞান।

২৩ ফেব্ৰুৱাৰীত আধুনিক অসমীয়া ভাষা আৰু ইংৰাজী (আইএল) বিষয়ৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ৷ ২৬ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞানৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ৷ ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব তাঁতশিল্প আৰু বয়ন ডিজাইন তথা বড়ো ঐচ্চিক বিষয়ৰ পৰীক্ষা ৷ ২৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব সাধাৰণ গণিতৰ পৰীক্ষা ৷ ২ মার্চত পুৱা ৯ বজাত অনুষ্ঠিত হ’ব ঐচ্চিক বিষয় হিন্দী আৰু সাজ-পোচাক ডিজাইনৰ পৰীক্ষা ৷ ৪ মার্চত অনুষ্ঠিত হ’বলগীয়া ঐচ্চিক বিষয়সমূহ হৈছে – উচ্চ গণিত, ভুগোল, বুৰঞ্জী,সংস্কৃত,কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, গৃহ বিজ্ঞান,আৰবী, পার্চী, নেপালী ৷

Leave A Reply

Your email address will not be published.