তৰুণ কাহিনীকাৰ ডাঃ নয়নজ্যোতি শৰ্মালৈ ২০২৩ বৰ্ষৰ মুনীন বৰকটকী বঁটা

0 260

২০২৩ বৰ্ষৰ ২৯ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা আগবঢ়োৱা হৈছে তৰুণ লেখক নয়নজ্যোতি শৰ্মালৈ । ‘জাল কটা জুই’ শীর্ষক চুটিগল্প সংকলনৰ বাবে এই বঁটা লাভ কৰিছে প্রতিশ্ৰুতি সম্পন্ন যুৱ লেখক নয়ন জ্যোতি শৰ্মাই । ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে মুনীন বৰকটকী স্মাৰক ন্যাসে এই বঁটা প্ৰদান কৰি আহিছে । বঁটাত আছে নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি-পত্ৰ।

সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰপৰা অসমীয়া প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ প্ৰদান কৰি অহা বাৰ্ষিক মুনীন বৰকটকী সাহিত্য বঁটা, সোমবাৰে ঘোষণা কৰা হয়। মুনীন বৰকটকী স্মাৰক ন্যাসৰ ফালৰ পৰা এক বিবৃতিযোগে ২০২৩ বৰ্ষৰ এই বটাঁৰ কথা ঘোষণা কৰে।

media school
Leave A Reply

Your email address will not be published.