দক্ষিণ আফ্ৰিকা বনাম ভাৰত:আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ

0 1,670

টি-২০ শৃংখলাৰ পিছত, এইবাৰ ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিবলৈ সাজু হৈছে। ভাৰতীয় দলটোৱে আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ আৰম্ভনি কৰিব। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ ৱাণ্ডাৰৰ্ছ ষ্টেডিয়ামত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্রথমখন এদিনীয়া শৃংখলাৰ মেচ অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেল খন দিনৰ ১-৩০ বজাত আৰাম্ভ হব।

দক্ষিণ আফ্ৰিকাই এইবাৰ ভাৰতৰ বিৰুদ্ধে নিজ দেশত খেলি আছে। দক্ষিণ আফ্ৰিকাই এতিয়ালৈকে এদিনীয়া মেচত ভাৰতৰ বিৰুদ্ধে বহুতো মেচত জয়ী হৈ আহিছে। দক্ষিণ আফ্ৰিকাই ৯১ খন খেলৰ ভিতৰত ৫০ খনত জয় লাভ কৰিছে।

কে এল ৰাহুলে এই এদিনীয়া শৃংখলাত ভাৰতীয় দলটোক নেতৃত্ব দিব। এই শৃংখলাত কে এল ৰাহুলে বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে খেল পথাৰলৈ নামিবো। ৰিংকু সিঙে আজি টি-২০ৰ পিছত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ৰিংকু সিঙে টি-২০ত যথেষ্ট সফলতা লাভ কৰিছে।

পিচ ৰিপোৰ্ট:

জোহান্সবাৰ্গৰ ৱাণ্ডাৰৰ্ছ ষ্টেডিয়াম হৈছে দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ বেটিং-অনুকূল পিটছ। ইয়াত পিটচটো অলপ সমতল প্ৰকৃতিৰ আৰু সীমাবোৰ তুলনামূলকভাৱে সৰু। সেইকাৰণে বেটছমেনসকলৰ বাবে ডাঙৰ ৰাণ সংগ্ৰহ কৰাটো সুবিধাজনক। যদি অধিনায়কে টছত জয়ী হয়, তেওঁ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল’ব পাৰে।

দুয়োটা দলৰ সম্ভাৱ্য playing11

ভাৰত: ৰুতুৰাজ গায়কৱাড়, চাই সুধাৰচান, শ্ৰেয়াছ আয়াৰ, তিলক বৰ্মা, কে এল ৰাহুল, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মুকেশ কুমাৰ, আবেশ খান, আৰ্শদীপ সিং

দক্ষিণ আফ্ৰিকা: ৰিজা হেণ্ড্ৰিক্স, টনি ডি জৰ্জি, ৰাছি ভান ডাৰ ডুছেন, এডেন মাৰ্ক্ৰাম, হেনৰিখ ক্লাসেন, ডেভিড মিলাৰ, এণ্ডিল ফেহলুকৱায়ো, কেশৱ মহাৰাজ, এনএণ্ড্ৰে বাৰ্জাৰ, লিজাদ উইলিয়ামছ, অটিনেল বাৰ্ডমেন

Leave A Reply

Your email address will not be published.