অৱসৰ প্ৰায় নিশ্চিত এম এছ ধোনীৰ ,CSKৰ নতুন মুখ হ’ব নেকি ঋষভ পন্ত?

0 9,383

দেশৰ আটাইতকৈ জনপ্ৰিয় লীগ আই পি এল প্ৰতিদিনে এক নতুন চৰ্চাৰ বিষয় হৈ পৰিছে। এইবাৰ চৰ্চাত পাঁচবাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ।

আগন্তুক আই পি এল সিজনৰ বাবে চেন্নাই চুপাৰ কিংছক এজন অধিনায়কৰ প্ৰয়োজন হব, কিয়নো সম্ভৱতঃ ২০২৪ চনৰ আই পি এলৰ পিছত অৱসৰ ল’ব এম এছ ধোনীয়ে।

বিভিন্ন মিডিয়া ৰিপোৰ্ট আৰু বিখ্যাত ক্ৰীড়া সাংবাদিক বিক্ৰান্ত গুপ্তাৰ মতে ইয়েলো আৰ্মীয়ে আই পি এলৰ ১৮ তম ছিজনৰ পৰা CSK ৰ অধিনায়ক হিচাপে ঋষভ পন্তৰ ফালে মন মিলিছে।

“ঋষভ পন্তে আই পি এল ২০২৫ৰ পৰা চেন্নাই চুপাৰ কিংছক নেতৃত্ব দিয়াৰ এক শক্তিশালী সম্ভাৱনা আছে। আগন্তুক সংস্কৰণটো ধোনীৰ অন্তিম সংস্কৰণ হোৱাৰ সম্ভাৱনা অধিক আৰু বৰ্তমানৰ দলত কোনো নাই যিয়ে তেওঁৰ স্থান ল’ব পাৰে।

বিক্ৰান্ত গুপ্তায় স্পৰ্টছ টাকত কয় ৰুতুৰাজ গায়কৱাড় এজন ভাল বেটাৰ আৰু ফ্ৰেঞ্চাইজিৰ বাবে ভাল প্ৰদৰ্শন কৰিছে। কিন্তু তেওঁ চিএছকেৰ দৰে ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিব নোৱাৰে। ৰুতুৰাজে ভৱিষ্যতে যথেষ্ট ধন লাভ কৰিব কিন্তু অধিনায়ক হিচাপে নহয়,”।

ইয়াৰ আগতে, ভাৰতৰ প্ৰাক্তন খেলুৱৈ দীপ দাসগুপ্তাই একেটা ভৱিষ্যতবাণী কৰিছিল। বৰ্তমান ঋষভ পন্ত দিল্লী কেপিটেলচৰ লগত জড়িত হৈ আছে। যদি দিল্লী কেপিটেলচে আগন্তুক IPL নিলামৰ বাবে ঋষভ পন্তক ৰিলিজ কৰে তেন্তে পন্তৰ CSK লৈ যোৱাৰ সম্ভাৱনা অধিক।

Leave A Reply

Your email address will not be published.