APSC ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত জিলিকিল নগাঁৱৰ ৰূপজ্যোতি নাথ….
বুধবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ ৰূপজ্যোতি নাথ। নগাঁৱৰ বৰদোৱাৰৰ ভোমোৰাগুৰি গাঁৱৰ নিবাসী ৰজনী নাথ আৰু সবিতা দেবীৰ পুত্ৰ ৰূপজ্যোতি নাথ। ASSISTANT ACCOUNT OFFICER পদত স্থান লাভ কৰিছে ৰূপজ্যোতি নাথে।
বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি APSC UPSC ৰ বাবে coaching লৈছিল ৰূপজ্যোতিয়ে প্ৰথমবাৰ APSC পৰীক্ষাৰ mains ত উত্তীৰ্ণ হব নোৱাৰা সত্ত্বেও হাৰ মনা নাছিল ৰূপজ্যোতি যাৰ পৰিণতি স্বৰূপে এইবাৰ APSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৰূপজ্যোতি নাথ।
কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ ফলত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰা ৰূপজ্যোতিক লৈ এতিয়া গৌৰাম্বিত পৰিয়ালটোৰ লগতে সমুহ বৰদোৱাবাসী
উল্লেখ্য যে,এপিএছচিয়ে ৯১৩ টা পদৰ বাবে প্ৰাৰ্থী বাছনি কৰিছে। ইয়াৰ ভিতৰত এচিএছ ৮৬ গৰাকী আৰু ৬৫ গৰাকী এপিএছ।