ক্ৰিকেট জগতত উজলিলে বলিউডৰ ষ্টাৰকিড

0 600

বলীউডৰ প্ৰখ্যাত পৰিচালক বিধু বিনোদ চোপ্ৰা আৰু চলচ্চিত্ৰ সমালোচক অনুপমা চোপ্ৰাৰ পুত্ৰ অগ্নি চোপ্ৰায়ে চলিত ৰঞ্জী ট্ৰফী 2024 ত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। চলিত ৰঞ্জী ট্ৰফী 2024 ত মিজোৰামৰ হৈ ডেবিউ কৰা অগ্নিয়ে প্ৰথম শ্ৰেণীৰ খেলৰ প্ৰতিখন খেলতে শতক অৰ্জন কৰা প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

২৫ বছৰীয়া অগ্নীয়ে মিজোৰামৰ হৈ ৯৮.৫৭ গড়ে 767 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। অগ্নীয়ে ১১১.৮০ ষ্ট্ৰাইক ৰেটেৰে ৫ টা শতক আৰু এটা অৰ্ধ শতক অৰ্জন কৰি ইতিহাস ৰচিছে।

অগ্নিয়ে নাদিয়াদত ছিকিমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফী 2024 ৰ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰিছিল। তেওঁ প্ৰথম ইনিংছত ১৭৯ বলত ১৬৬ ৰাণ কৰিছিল আৰু দ্বিতীয় ইনিংছত ৭৪ বলত ৯২ ৰাণ কৰিছিল।

অগ্নিয়ে নাগালেণ্ডৰ সৈতে পৰৱৰ্তী সংঘৰ্ষত তেওঁৰ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল, তেঁও প্ৰথম ইনিংছত 164 ৰাণ পঞ্জীয়ন কৰিছিল।

তাৰ পিছত তেওঁ অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰে, য’ত তেওঁ প্ৰশংসনীয় ভাৱে 114 ৰাণ সংগ্ৰহ কৰে। অগ্নিয়ে তেওঁৰ ৰঞ্জী কেৰিয়াৰত মাত্ৰ আঠটা ইনিংছৰ পৰা ৭৬৭ ৰাণ সংগ্ৰহ কৰিছে।

অগ্নিৰ প্ৰদৰ্শনে মিজোৰাম দলটোক এংকৰ কৰিছে, ছিজন টো আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ আৰু অধিক সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ সম্ভাবনা আছে। আৰু অগ্নীয়ে 1000 ৰাণৰ সীমা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.