৩ ফ্ৰেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

0 147

৩ ফেব্ৰুৱৰীত অসমত উপস্থিত হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী: দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী………

ৰাহুল গান্ধীৰ পিছতে অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ফেব্ৰুৱৰীৰ ৩ তাৰিখে অসমত উপস্থিত হব প্ৰধানমন্ত্ৰী মোদী।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণসূচীক লৈ দিল্লীত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। সম্পূৰ্ণ চৰকাৰী কাৰ্য্যসূচীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷

দিল্লীত ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহিছে হিমন্ত বিশ্ব শৰ্মা আৰু ভৱেশ কলিতা। কা বলবৎ কৰিলে অসমত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হব পাৰে এই বিষয়েও প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু ভবেশ কলিতাই।

খবৰ অনুসৰি মূলত যোৰহাট আৰু গুৱাহাটীৰ সভাত উপস্থিত থাকিব নৰেন্দ্ৰ মোদী। অহা ৩ ফেব্ৰুৱাৰীত যোৰহাটৰ সুবিশাল লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব নৰেন্দ্ৰ মোদীয়ে।

৪ ফেব্ৰুৱাৰীত খানাপাৰাত অনুষ্ঠিত হব এক বিশেষ ৰাজহুৱা সভা ৷ এই সভাত ঘোষণা কৰা হ’ব অসম চৰকাৰৰ কেইবাটাও প্ৰকল্প ৷

গুৱাহাটীত উপস্থিত হৈ নৰেন্দ্ৰ মোদীয়ে কামাখ্যা মন্দিৰৰ কৰিড’ৰ শুভাৰম্ভ কৰাৰ লগতে আলাবৈৰ ৰণৰ স্মৃতিত নিৰ্মাণ হৈ থকা উদ্যান মুকলি কৰিব

Leave A Reply

Your email address will not be published.