শংকৰ মহাদেৱন, জাকিৰ হুছেইনেলৈ গ্ৰেমী এৱাৰ্ড প্ৰদান……..

0 1,146

গ্ৰেমী এৱাৰ্ডত জিলিকিছে ভাৰত

Grammy Awards 2024: শংকৰ মহাদেৱন, জাকিৰ হুছেইনেলৈ গ্ৰেমী এৱাৰ্ড প্ৰদান……..

দেওবাৰে লছ এঞ্জেলছত অনুষ্ঠিত হয় ৬৬ সংখ্যক গ্ৰেমী বঁটা। সংগীতৰ বাবে দিয়া বিশ্বৰ সৰ্ববৃহৎ বঁটা লাভ ভাৰতীয় শিল্পীৰ। ভাৰতীয় সংগীতশিল্পী শংকৰ মহাদেৱন আৰু বিখ্যাত তবলা বাদক জাকিৰ হুছেইনক প্ৰদান কৰা হয় গ্ৰেমী বঁটা।

‘শ্ৰেষ্ঠ গ্ল’বেল মিউজিক এলবাম’ৰ খিতাপ লাভ কৰে শংকৰ মহাদেৱনৰ বেণ্ড ‘শক্তি’ৰ ‘দিছ মমেণ্ট’ এলবামে। এলবামটোত মুঠ ৮টা গীত আছে।

গ্ৰেমী বিজয়ী ৰিকি কেজে এটা ভিডিঅ’ শ্বেয়াৰ কৰি বেণ্ডটোক অভিনন্দন জনায়। কেজে নিজৰ অফিচিয়েল টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰি আটাইকেইগৰাকী ভাৰতীয়ক অভিনন্দন জনাইছে।

শংকৰ মহাদেৱন, চেলবাগনেশ বিনায়ক্ৰম, গণেশ ৰাজগোপালন, উস্তাদ জাকিৰ হুছেইন। খ্যাতিসম্পন্ন বাঁহীবাদক ৰাকেশ চৌৰাছিয়াৰ সৈতে উস্তাদ জাকিৰ হুছেইনে দ্বিতীয়বাৰৰ বাবে গ্ৰেমী লাভ কৰে। বঁটা লাভ কৰি সকলোকে ধন্যবাদ জনাই শংকৰ মহাদেৱনে।

media school
Leave A Reply

Your email address will not be published.